‘চুপা চুপি খণ্ড ২’ ছবিখন অহা ১২ জুন তাৰিখে চিত্ৰগৃহত মুক্তি পাব

ডিজিটেল সেৱা: অহা ১২ জুন তাৰিখে ‘চুপা চুপি খণ্ড ২‘ ছবিখন চিনেমা হলত মুক্তি পাব।যোৱা বুধবাৰে ছবিখনৰ লগত জড়িত অভিনেতা আৰু কলা-কুশলীসকল ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত উপস্থিত হয় আৰু ছবিখনৰ সফলতা কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।বৰ্তমান ছবিখনৰ সমগ্ৰ কলা-কুশলী দলটো প্ৰচাৰ অভিযানত অতি ব্যস্ত হৈ পৰিছে। ছবিখনৰ কাহিনী লিখাৰ লগতে পৰিচালনা কৰিছে প্ৰণৱ ভৰালীয়ে। আনহাতে এটলাছ ক্ৰিয়েচন আৰু এন কে মিডিয়াৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ঋষিকেশ পাটগিৰিয়ে। ছবিখনত সুন্দৰ অভিনয় কৰিছে কমল লোচন, সপ্তৰ্ষি গগৈ, জিৎ কলিতা, কৌশিক ভৰদ্বাজ, হিমাংশু প্ৰসাদ দাস, স্নিগ্ধা গগৈ আৰু বৈভৱী গোস্বামীয়ে।এখন সফল ৱেব ছিৰিজৰ পৰা মূলসুঁতিৰ চিনেমালৈ হোৱা এই যাত্ৰা সঁচাকৈয়ে এক বিৰল আৰু উল্লেখযোগ্য পদক্ষেপ।

Related Articles