নগাঁও জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, ক্ৰীড়া সন্থাৰ ক্ৰিকেট খেল অনুষ্ঠিত

ডিজিটেল সেৱা, নগাঁও: ব্যস্ততাপূৰ্ণ জীৱনশৈলীত ক্ৰীড়া বা খেল-ধেমালিৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য। ক্ৰীড়াই মানুহৰ শাৰীৰিক সুস্থতা বজাই ৰখাৰ লগতে শৰীৰ সজীৱ আৰু সক্ৰিয় কৰি ৰখাত বিশেষভাৱে সহায় কৰে। ​এই উদ্দেশ্য আগত ৰাখিয়েই,২৭ জুন তাৰিখে নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন একাদশ আৰু নগাঁও জিলা ক্ৰীড়া সন্থা (প্ৰাক্তন খেলুৱৈ)ৰ মাজত এক বন্ধুত্বপূৰ্ণ ক্ৰিকেট খেল অনুষ্ঠিত হৈ যায়।

নগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰ (নুৰুল আমিন ষ্টেডিয়াম) ত অনুষ্ঠিত উক্ত বন্ধুত্বমূলক ক্ৰিকেট মেচখনত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত আৰু জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ অন্যান্য উচ্চপদস্থ বিষয়া তথা কৰ্মচাৰীবৃন্দই অত্যন্ত উৎসাহেৰে অংশগ্ৰহণ কৰে। ​খেলপথাৰত দুয়োটা দলৰে খেলুৱৈসকলৰ আকৰ্ষণীয় ক্ৰীড়াশৈলী আৰু প্ৰতিযোগিতামূলক মনোভাৱে উপস্থিত সকলো দৰ্শককে মোহিত কৰে। তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ তথা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত সম্পন্ন হোৱা এই খেলখনে সমাজলৈ এক ধনাত্মক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হয়।

Related Articles