◆জমিৰ উদ্দিন তালুকদাৰ◆
অসম চৰকাৰৰ শিক্ষা বিভাগে ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান স্থাপনৰ ক্ষেত্ৰত কেতবোৰ স্পষ্ট নীতি-নিয়ম মানি স্থাপনৰ অনুমতি দিয়াৰ সময়ত হোজাই জিলাত চৰকাৰী বিধি-বিধান নমনাকৈ একাংশ শিক্ষা প্ৰতিষ্ঠান গঢ় লৈ উঠাৰ ব্যাপক অভিযোগ উত্থাপন হৈছে৷ এনে বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে হোজাই জিলা শিক্ষা বিভাগে৷ হোজাই জিলা শিক্ষা বিভাগৰ প্ৰতিবেদনৰ ভিত্তিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ সচিবৰ এক নিৰ্দেশ মৰ্মে ডবকাৰ দুখনকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পঞ্জীয়ন বাতিল কৰিছে৷ অস্থায়ী পঞ্জীয়ন বাতিল হোৱা বিদ্যালয় দুখন হৈছে ক্ৰমে এ এইচ চিনিয়ৰ চেকণ্ডাৰী স্কুল, চাংমাজী আৰু ডবকাৰ গুৰুকুল চিনিয়ৰ চেকণ্ডাৰী স্কুল৷ যোৱা ২৪ জুনত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ সচিবে জাৰি কৰা এক নিৰ্দেশযোগে বিদ্যালয় দুখনৰ অস্থায়ী পঞ্জীয়ন বাতিল কৰা হয়৷ হোজাই জিলাত এনে অসংখ্য শিক্ষা প্ৰতিষ্ঠান আছে, যিবোৰৰ কোনো পৰ্যাপ্ত বিভাগীয় অনুমতি নাই৷ হোজাই জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰলৈ নথি পত্ৰ ঠিক কৰিবলৈ নিৰ্দিষ্ট সময় সীমা বান্ধি দি জাননী জাৰি কৰিছে ৷

চৰকাৰী নীতি নিয়ম উলংঘা কৰি যধে-মধে গঢ় লৈ উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰৰ বিৰুদ্ধে হোজাই জিলা শিক্ষা বিভাগে কঠোৰ হোৱাৰ সময়ত বহু বিদ্যালয়ত ‘চৰকাৰী তলা’ ওলমাৰ শংকা গা কৰি উঠিছে৷ কিছুদিন পূৰ্বে হোজাই জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে ডবকাৰ ভেলৌগুৰিত চৰকাৰী ইউ-ডাইচ ক’ড জাল কৰা এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত তলা লগাই বন্ধ কৰি দিয়ে৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰৰ বিৰুদ্ধে হঠাৎ হোজাই জিলা শিক্ষা বিভাগ কঠোৰ হোৱাৰ সময়ত বিপদত পৰিছে আন একাংশ বিদ্যালয়৷ চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপনৰ ক্ষেত্ৰত বান্ধি দিয়া নীতি নিয়ম যেনে নিৰ্দিষ্ট পৰিমাণৰ মাটি (চহৰ অঞ্চলত তিনি বিঘা, গাওঁ অঞ্চলত পাঁচ বিঘা), অগ্নিনিৰ্বাপকৰ প্ৰমাণ পত্ৰ, হাইজেনিক প্ৰমাণ-পত্ৰ, স্বচ্ছ পানী, শৌচাগাৰ, শ্ৰেণী কোঠাকে ধৰি কোনো নথি নোহোৱাকৈ হোজাই জিলাকে ধৰি ডবকা অঞ্চলত একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ় লৈ উঠিছে৷ ন্যূনতম সুযোগ সুবিধা নথকাকৈ একাংশ লোকে গাঁৱে-ভূঞে স্থাপন কৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰৰ বিৰদ্ধে হোজাই জিলা শিক্ষা বিভাগ কঠোৰ হোৱাত নিদ্ৰাহৰণ হৈছে একাংশ স্কুল কৰ্তৃপক্ষৰ৷ উপযুক্ত চৰকাৰী নথি নথকা বিদ্যালয়বোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে ৰাইজে৷