◆জমিৰ উদ্দিন তালুকদাৰ◆
বিন্নাকান্দি সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মৌলানা বদৰুদ্দিন আজমলে মঙ্গলবাৰে ডবকা পৌৰসভাত উপস্থিত হৈ পদেন সদস্য হিচাপে শপতগ্ৰহণ কৰে৷ শপতবাক্য পাঠ কৰায় ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চৈতালী ৰাণী দত্তই। আজমলে শপতগ্ৰহণ কৰি পৌৰসভাৰ অধ্যক্ষা মিনাৰা বেগম আৰু কাৰ্যাবাহী সদস্যক উন্নয়নমূলক আঁচনিক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। লগতে চৰকাৰে পৌৰ এলেকাত ৰূপায়ন কৰা বিভিন্ন আঁচনিৰ বিষয়ে পৰ্যালোচনা কৰে৷ এই উপলক্ষ্যে আজি ডবকা পৌৰসভা চৌহদত এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ সভাখনত ডবকা পৌৰসভাৰ প্ৰতিগৰাকী নিৰ্বাচিত সদস্য উপস্থিত থকাৰ লগতে পৌৰসভাৰ কাৰ্যবাহী বিষয়া গৰাকীও উপস্থিত থাকে৷ শপত গ্ৰহণ কৰি আজমলে ডবকা পৌৰসভাত ৰূপায়ন হৈ থকা আঁচনি, পাৰ্কিং, স্বচ্ছ ভাৰত মিছনৰ সকলো দিশ সম্পৰ্কে অৱগত হয়৷ পৰৱৰ্তী পৌৰসভাৰ সকলো বিষয়াৰ লগত এক আলোচনাত মিলিত হৈ বিস্তৃত আলোচনা কৰিব৷ সভাখনত ডবকা পৌৰসভাৰ কাৰ্যবাহী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, জুলাই মাহৰ মধ্যভাগত ডবকা চহৰৰ মাজেদি বৈ যোৱা দেউৰী জান নৈৰ চাফাই অভিযানৰ কাম আৰম্ভ কৰিব৷