হোজাইত কৰ ফাঁকি দিয়া ডাম্পাৰক নাকি লগাবলৈ প্ৰস্তুত বন বিভাগ

জমিৰ উদ্দিন তালুকদাৰ

ৰাজ্যৰ বন বিভাগত চলি অহা দুৰ্নীতি আৰু কমিচনৰ অংক বন্ধ কৰিবলৈ নতুন চৰকাৰৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কিছুদিন পূৰ্বে বন বিভাগৰ শীৰ্ষ বিষযাসকলৰ লগতে ডিএফঅ’সকলক লৈ সভা পাতি কঠোৰ নিৰ্দেশ জাৰি কৰিছিল। অবৈধ কাঠফলা মিলৰ পৰা আৰম্ভ কৰি বনজ সম্পদৰ অবৈধ সৰবৰাহ কোনো পধ‍্যেই সহ্য কৰা নহ’ব বুলি স্পষ্ট বাৰ্তা দিছিল ৰাজ্য চৰকাৰৰ নৱ নিযুক্ত বন মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীৰ এই কঠোৰ স্থিতিৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ ডবকাৰ যমুনা উপত‍্যকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনতো পৰিৱৰ্তন দেখা গৈছে। বিশেষকৈ শিল, পাথৰ আৰু বালিৰ ডাম্পাৰ বা ট্ৰাকসমূহৰ চালান বন বিভাগে পৰীক্ষা কৰা আৰম্ভ কৰিছে। জানিব পৰা মতে, কাৰ্বি আংলং পূৱ বন সংমণ্ডলৰ অধীনৰ ৱেষ্টাৰ্ণ ৰেঞ্জৰ ডকমকা, পাৰখোৱা আদিৰ পৰা ডবকালৈ অহা প্ৰতিখন ডাম্পাৰে এতিয়া প্ৰতিটো ট্ৰিপৰ বাবে পৃথককৈ চালান এণ্ট্ৰি কৰাটো বাধ্যতামূলক কৰা হৈছে। ৰাজপথত বন কৰ্মীসকল উপস্থিত থাকি গাড়ীসমূহ পৰীক্ষা কৰাৰ লগতে প্ৰতিটো ট্ৰিপৰ চালান সঠিকভাৱে এণ্ট্ৰি কৰা হৈছে নে নাই সেয়াও নিশ্চিত কৰি আছে। উল্লেখযোগ্য যে, পূৰ্বৰে পৰা এই অঞ্চলত ডাম্পাৰৰ চালান পৰীক্ষা নকৰাৰ একাধিক অভিযোগ উত্থাপিত হৈছিল। অভিযোগ অনুসৰি, এখন চালানৰ জৰিয়তেই শিল বালি ভৰ্তি ডাম্পাৰে একাধিকবাৰ চলাচল কৰাৰ লগতে বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত হৈছিল। এই ব্যৱস্থাৰ ফলত চৰকাৰৰ ৰাজহ ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উঠিছিল। কিন্তু বৰ্তমান সেই ছবিখন সলনি হ’বলৈ আৰম্ভ কৰিছে। বন বিভাগৰ কঠোৰ তদাৰকী আৰু হোজাই বন সংমণ্ডলৰ ডিএফঅ’ নয়নজ‍্যোতি ৰাজবংশীৰ সক্ৰিয় ভূমিকাৰ ফলত এতিয়া প্ৰতিটো ট্ৰিপৰ বাবে নিয়মমাফিক চালান এণ্ট্ৰি কৰা হৈছে। ইয়াৰ জৰিয়তে বনজ সম্পদ পৰিবহনত চৰকাৰে বিগত দিনত ৰাজহ হেৰুওৱাৰ অভিযোগ কিছু পৰিমানে হ’লেও কমিছে। স্থানীয় ৰাইজেও বন মন্ত্ৰী আৰু বন বিভাগৰ এই কঠোৰ পদক্ষেপক আদৰণি জনাইছে।

Related Articles