ডিজিটেল সেৱা: আগন্তুক লোকপিয়ল ২০২৭ ৰ সৈতে জড়িত হ’বলগীয়া কৰ্মচাৰী সকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। লোক পিয়লৰ গৃহ তালিকাভুক্তি আৰু গৃহ গণনা কাৰ্যসূচী সূচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ বাবে দ্বিতীয়খন জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কৰ্মশালাৰ বুধবাৰে সফলতাৰে সামৰণি পৰে।নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচী দুটা গোটত বিভক্ত কৰি অনুষ্ঠিত কৰা হয়। ইয়াৰে প্ৰথম গোটৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া বিগত ২৩ জুনৰ পৰা আৰম্ভ হৈ ২৫ জুনত সামৰণি পৰাৰ বিপৰীতে দ্বিতীয় গোটৰ প্ৰশিক্ষণ কাৰ্যসূচী বিগত ২৯ জুনত আৰম্ভ হৈ আজি সফলতাৰে সামৰণি পৰে। লোকপিয়ল ২০২৭ ৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়া যাতে অতি সঠিক, নিখুঁত আৰু প্ৰণালীবদ্ধ হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ক্ষেত্ৰ প্ৰশিক্ষকসকলক প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা প্ৰদানৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।আজি দ্বিতীয় গোটৰ সামৰণি দিনটোৰ কাৰ্যসূচীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ মত বিনিময় কৰে। তেওঁ পৰিয়ালৰ গৃহ গণনাৰ ক্ষেত্ৰত মানিবলগীয়া ব্যৱস্থাৰ সম্পৰ্কে প্ৰশিক্ষাৰ্থীসকলক যাৱতীয় দিশসমূহৰ ওপৰত আলোকপাত কৰে। আয়ুক্ত গৰাকীয়ে কয় যে, লোক পিয়ল আমাৰ দৰে পৰিকল্পিত অৰ্থনৈতিক ব্যৱস্থাৰ সফলতাৰ বাবে অপৰিহাৰ্য। লোক পিয়লৰ সঠিক তথ্যইহে আমাৰ পৰিকল্পনা আৰু আঁচনিৰ সফলতা সুনিশ্চিত কৰিব বুলি উল্লেখ কৰি শৰ্মাই পিয়লত সদায় সঠিক তথ্য আহৰণ কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া আৰু সহকাৰী আয়ুক্ত অঞ্জলি কুমাৰীও উপস্থিত থাকে।
নগাঁও জিলাত লোক পিয়লৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সামৰণি