◆ড॰ নন্দ সিং বৰকলা◆
অসম আৰু অসমীয়া, মাটি আৰু মানুহৰ স্বাভিমান, সাংস্কৃতিক জীৱনবোধক স্বচ্ছতাৰে নিৰাপদে ৰাখিবলৈ দেশৰ স্বাধীনতাৰ পিছতেই সাহসী ভুমিকা পালন কৰিছিল অসমৰ এজন অতি কৃতধী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে৷ ভাৰত পাকিস্তানৰ বিভাজন, হিন্দু, শিখ আৰু মুছলমানৰ তেজেৰে গা-ধোৱা স্বাধীনতাৰ বাটত ভাৰতৰ পূৱ প্ৰান্তৰ অসমে ভূগিছিল অস্বিত্বৰ সংকটত৷পাকিস্তানৰ লগত অসমক চামিল কৰিবলৈ জৱাহৰলাল নেহেৰুৰ বিৰুদ্ধে গৰজি উঠা স্বাধীন অসমৰ প্ৰথমজন প্ৰধানমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সাহসী ভূমিকা আৰু ভাৰতৰ অখণ্ডতাৰ প্ৰতি থকা বিশ্বাস আৰু আস্থাই সেইসময়ৰ কেন্দ্ৰীয় চৰকাৰক গোপীনাথ বৰদলৈৰ ওচৰত সেও মানিবলৈ বাধ্য কৰিছিল৷ গোপীনাথ বৰদলৈৰ দৃঢ় সাহসী ভূমিকা নহোৱা হ’লে অসম পাকিস্তানৰ অন্তৰ্ভুক্ত হ’লহেঁতেন৷গোপীনাথ বৰদলৈৰ ১৯৫০ চনৰ প্ত আগষ্ট তাৰিখে আকস্মিকভাৱে মৃত্যুবৰণ কৰাত বিষ্ণুৰাম মেধিয়ে তৎকালীন মুখ্যমন্ত্ৰীৰূপে ৰাজ্যখনৰ দায়িত্বভাৰ ল’ব লগা হৈছিল৷ গোপীনাথ বৰদলৈৰ দৰেই বিষ্ণুৰাম মেধি আছিল অসম আৰু অসমীয়াৰ জাতীয় চেতনাৰে উজ্জীৱিত সাহসী ৰাজনৈতিক৷ পাকিস্তানৰ পৰা ভাৰতলৈ নৰ দেহৰ ভয়লগা দৃশ্যই মানুহৰ হূদয়ত কঁপনি তুলিছিল৷ একেদৰে ভাৰতৰ পৰাও অনেক মুছলমান লোকক হত্যা কৰি মৃতদেহবোৰ পাকিস্তানলৈ পঠিওৱা হৈছিল৷ সেই সময়ত পূৱ প্ৰান্তৰ অসমে ভুগিছিল পূৱ পাকিস্তানৰ ভগনীয়াৰ বোজা৷ সেই সময়ত অসম-পূৱ পাকিস্তানৰ সীমান্ত এলেকাৰ বহু অঞ্চল উন্মুক্ত আছিল৷ ৰাজ্যখনত খাদ্যৰ সংকট, অৰ্থনৈতিক দূৰৱস্থা, অৱিশ্বাস আৰু সন্দেহৰ জলবায়ুৰ মাজত ৰাজ্যখনে জীয়াতু ভুগি থকাৰ সময়ত বিষ্ণুৰাম মেধিৰ বাবে সেই সমকাল আছিল ৰাজনৈতিক সংকটেৰে পৰিপূৰ্ণ পৰিস্থিতি৷১৯৫২ চনত ভাৰতৰ লগতে অসমতো ৰাজ্যখনৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ সেইসময়ত বিষ্ণুৰাম মেধিয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰূপে হাজো সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰি অসম বিধান সভালৈ বিধায়কৰূপে আহিছিল৷ স্বাধীনতাৰ পিছৰ অসমখনত নাছিল চিকিৎসা মহাবিদ্যালয়, কাৰিকৰী মহাবিদ্যালয়, কৃষি মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয়কে ধৰি নানা অভাৱে ৰাজ্যখনক জুৰুলা কৰি ৰাখিছিল৷ অন্যহাতে ভূতৰ ওপৰত দানহ পৰা দি ১৯৫০ চনৰ ১৫ আগষ্টত হোৱা প্ৰলয়ংকাৰী বৰ-ভূমিকম্পই অসমৰ জন-জীৱন, কৃষিভূমি, বিভিন্ন নদীকে ধৰি ব্ৰহ্মপুত্ৰৰ বুকু তৰাং কৰি দিছিল৷ সেই সময়ত অসম পূৱ-বংগৰ সীমান্তত প্ৰায় ২০০০ কিঃমিঃ পথ নিৰ্মাণৰ ব্যাপক প্ৰত্যাহ৩ানে ৰাজ্য চৰকাৰখনৰ সন্মুখত ভয়নক ৰূপ পৰিগ্ৰহ কৰিছিল৷ সেই ভূমিকম্পত ব্ৰহ্মপুত্ৰ নৈৰে ভাহি আহিছিল অসংখ্য মানুহৰ মৃতদেহ৷ আন্তৰ্জাতিক সীমান্তৰ উন্মোক্ত পথেৰে অসমলৈ সোমাই আহিছিল লাখ লাখ পূৱ পাকিস্তানৰ লোক৷ এই লোকসকলে সৃষ্টি কৰা পৰিৱেশ পৰিস্থিতি আছিল অসমৰ সংস্কৃতি, অৰ্থনীতি আৰু ভূমিৰ প্ৰতি প্ৰচণ্ড প্ৰত্যাহ৩ান৷ ভূমিকম্পৰ ফলত সোঁৱনশিৰি নৈৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড পাহাৰ খহি পৰাত নদীৰ গতিপথ বন্ধ হৈ পৰিছিল, যাৰ পৰিণতিত প্ৰবল বানপানীয়ে অসমৰ জনগণক ত্ৰাহি মধুসূধন দেখুৱাছিল৷এনে প্ৰতিকূল পৰিৱেশ-পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাজ্যখনক সুস্থিৰে শাসন কৰাৰ বাবে বিষ্ণুৰাম মেধিয়ে লৈছিল অতি সাহসী আৰু দৃঢ় পদক্ষেপ৷ তেওঁৰ বাবে ৰাজ্যখন চলোৱাত প্ৰধান প্ৰত্যাহ৩ান হৈছিল তেওঁৰ দলৰে কেন্দ্ৰত শাসনাধীস্থ কেন্দ্ৰীয় চৰকাৰ আৰু এই চৰকাৰৰ মুৰব্বী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু৷ জৱাহৰলাল নেহেৰুৰ লগত বিষ্ণুৰাম মেধিৰ সংঘাতে চূড়ান্ত ৰূপ পৰিগ্ৰহ কৰিছিল৷ বিষ্ণুৰাম মেধিৰ প্ৰথম আৰু প্ৰাথমিক দায়িত্ব আছিল অসমক সুৰক্ষা দিয়াৰ৷ নিশাৰ ভাগত পূৱ পাকিস্তানৰ পৰা অহা বিদেশী লোকক সীমান্ত পাৰ হ’লেই গুলিয়াবলৈ নিৰ্দেশ দিছিল৷ বিদেশী নাগৰিকক বহিষ্কাৰ কৰিবলৈ প্ৰশাসনৰ প্ৰতি আগবঢ়াইছিল কঠোৰ নিৰ্দেশ৷জৱাহৰলাল নেহেৰু আৰু বিষ্ণুৰাম মেধিৰ মাজত আৰম্ভ হৈছিল ৰাজনৈতিক সংঘাত৷ ভগনীয়াসকলৰ সমস্যাৰ প্ৰতি বিষ্ণুৰাম মেধিয়ে আগবঢ়োৱা দৃঢ়তাৰ বাবে কেন্দ্ৰীয় চৰকাৰ তেওঁৰ প্ৰতি বিতুষ্ট হৈ পৰিছিল৷ এই সংঘাতৰ পৰিণতিতেই বিষ্ণুৰাম মেধিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নেহেৰুক জনাই দিছিল যে অসম ভগনীয়াৰ আশ্ৰয়স্থলী নহয়৷ অসমে অকলে এই ভগনীয়াৰ ভাৰ কোনো কাৰণতেই গ্ৰহণ নকৰে৷ বিষ্ণুৰাম মেধিয়ে কেন্দ্ৰক এই কথাও জনাই দিছিল যে ভগনীয়া সংস্থাপনৰ নামত সংৰক্ষিত বনাঞ্চল আৰু ভূমি কোনো কাৰণতেই ভগনীয়াক ব্যৱহাৰ কৰিব দিয়া নহ’ব৷
চতুৰ নেহেৰুৰ আৰু তেওঁৰ অনুগামীসকলৰ চক্ৰান্ত বিষ্ণুৰাম মেধিয়ে ভালদৰেই উপলব্ধি কৰিছিল৷ কেৱল মাত্ৰ চৰ্দাৰ বল্লভ ভাই পেটেলেহে বিষ্ণুৰাম মেধিক সমৰ্থন কৰিছিল৷ বিষ্ণুৰাম মেধিয়ে অসম আৰু অসমীয়াৰ জাতীয় জীৱন ৰাজনৈতিক জীৱনৰ নিৰাপত্তাৰ প্ৰথম পচন্দৰূপে কাম কৰিছিল৷ ইয়াৰ বাবে তেওঁ মুখ্যমন্ত্ৰীৰ চকীখনৰ বাবে অহা প্ৰত্যাহ৩ান গ্ৰহণ কৰি মুখ্যমন্ত্ৰীতকৈ অসম তেওঁৰ বাবে সৰ্বশ্ৰেষ্ঠ বুলি ঘোষণা কৰিছিল৷ ইয়াৰ মাজতে তেওঁ আৰু প্ৰত্যাহ৩ানৰ সন্মুখীন হৈছিল প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু লিয়াকৎ আলি চুক্তি৷ সেই চুক্তি অনুসৰি লাখ লাখ হিন্দু বাংলাদেশী বাংলাদেশলৈ ঘূৰাই পঠোৱাটো সম্ভৱ নাছিল৷ এনে কামৰ প্ৰচণ্ড বিৰোধিতা কৰিছিল বিষ্ণুৰাম মেধিয়ে৷ বিষ্ণুৰাম মেধিৰ এনে ভূমিকাৰ বাবে তেওঁৰেই চৰকাৰৰ আৰু দলৰ সুবিধাবাদী কিছুৱে বিষ্ণুৰাম মেধিৰ বিৰোধিতা কৰিছিল৷ ইয়াৰ ভিতৰত মইনুল হক চৌধুৰী আছিল অন্যতম৷ এই মইনুল হক চৌধুৰীয়েই জীন্নাৰ পাকিস্তানক সমৰ্থন কৰিছিল৷ বিধানসভালৈ মইনুল হক চৌধুৰীয়ে কাছাৰ জিলাৰ সোনাই সমষ্টিৰ পৰা বহু ভোটত জয়ী হৈ আহিছিল৷ বিতৰ্কিত মইনুল হক চৌধুৰীয়ে বিষ্ণুৰাম মেধিৰ ভূমিকাত সমালোচনা কৰি জৱাহৰলাল নেহেৰুৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলিছিল৷ বিষ্ণুৰাম মেধিৰ কাৰ্যকালতেই ৰাজ্যৰ পুনঃগঠনৰ সমস্যাই দেখা দিছিল৷ সেইখিনি সময়ত গোৱালপাৰা জিলাৰ পশ্চিম অংশটো পশ্চিমবংগৰ লগত সংলগ্ন কৰাৰ এক ষড়যন্ত্ৰ প্ৰস্তুত হৈছিল৷ ইয়াৰ উপৰি কাছাৰ, মণিপুৰ আৰু লুচাইক সামৰি এখন পৃথক পূৰ্বাঞ্চল ৰাজ্য গঠনৰ প্ৰস্তুতি চলিছিল৷ বিষ্ণুৰাম মেধিৰ দৃঢ় পদক্ষেপৰ বাবে পূৰ্বাঞ্চল ৰাজ্য গঠন আৰু গোৱালপাৰাৰ পশ্চিম অংশটো পশ্চিমবংগৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা পৰিছিল৷ মাটি, মানুহ, জাতীয় চেতনা, আত্ম-স্বাভিমানেৰে পুৰঠ বিষ্ণুৰাম মেধিয়ে গোপীনাথ বৰদলৈৰ দৰেই অসমক সুৰক্ষা দিয়াৰ কাম কৰি গ’ল৷ সীমান্তৰে পাৰ হোৱা বিদেশীক দেখা মাত্ৰকেই গুলীওৱাৰ নিৰ্দেশ দিব পৰা কঠোৰ মুখ্যমন্ত্ৰীজন কিন্তু পদে পদে ৰাজনৈতিক ষড়যন্ত্ৰৰ বুকুত সোমাই পৰিছিল৷স্বাধীন ভাৰতৰ দ্বিতীয়টো নিৰ্বাচনত বিষ্ণুৰাম মেধি পুনৰ জয়ী হৈ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল যদিও সেই কাৰ্যকাল তেওঁৰ বাবে ৰাজনৈতিক প্ৰত্যাহ৩ানেৰে সংপৃক্ত আছিল৷ অসম কংগ্ৰেছ আৰু চৰকাৰখনত বিসম্বাদে দূৰন্ত গতিত মূৰ দাঙি উঠিছিল৷ বিষ্ণুৰাম মেধিৰ অন্যতম উল্লেখযোগ্য পদক্ষেপ আছিল শ্ৰীমন্তৰ শংকৰদেৱ আৰু নৰনাৰায়ণ-চিলাৰায়ৰ স্মৃতি বিজৰিত কোচবিহাৰখনক অসমত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা চলাইছিল৷ বিষ্ণুৰাম মেধিৰ এই প্ৰচেষ্টাক তেওঁৰ দলৰে অনেকেই বিৰোধিতা আৰু নিন্দা কৰি এই বুলি প্ৰচাৰ কৰিছিল যে কোচবিহাৰখন যদি অসমৰ লগত চামিল হয় তেন্তে বঙালীপ্ৰধান অধ্যুষিত অঞ্চলৰূপে পৰিগণিত হ’ব৷ গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ একান্ত একাগ্ৰ প্ৰচেষ্ঠা আছিল অসমত অসমীয়া ভাষা ৰাজ্যভাষাৰ মৰ্যদাৰে ভাষাৰ শ্ৰীবৃদ্ধি কৰা৷ বিষ্ণুৰাম মেধিয়ে অসমৰ ভূমিত চলি অহা জমিদাৰী প্ৰথা বিলোপৰ ব্যৱস্থা কৰিছিল৷ বিষ্ণুৰাম মেধিৰ দ্বিতীয়টো কাৰ্যকাল বিসম্বাদেৰে ভৰিছিল এইবাবেই যে অনুপ্ৰৱেশকাৰীসকলক ৰোধিবলৈ তেওঁ লোৱা ভূমিকাৰ বাবে৷ এনেবোৰ কামৰ বাবে জৱাহৰলাল নেহেৰু তেওঁৰ প্ৰতি বিতুষ্ট হৈছিল৷ ফখৰুদ্দিন আলিআহমেদ, দেৱকান্ত বৰুৱা, বিমলাপ্ৰসাদ চলিহা আদি নেতাই বিষ্ণুৰাম মেধিৰ বিৰুদ্ধে কৰা বিসম্বাদে নতুন মোৰ লৈছিল৷এনেবোৰ কাৰণতেই ১৯৫৭ চনৰ শেষৰফালে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে বিষ্ণুৰাম মেধিক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই দিছিল৷ ইয়াৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল বিমলা প্ৰসাদ চলিহা৷ মইনুল হক চৌধুৰীৰ দৰে নেতাৰ আশীৰ্ব্বাদত তেওঁ কাছাৰৰ পৰা উপ নিৰ্বাচনত জয়ী হৈ আহিছিল৷ ১৯৫৭ চনৰ নিৰ্বাচনত বিমলা প্ৰসাদ চলিহাই আমগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাজিত হৈছিল৷ গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ দৰে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বিমলা প্ৰসাদ চলিহাৰ দৃষ্টিভঙ্গী কঠোৰ নাছিল৷ অৱশ্যে বিমলা প্ৰসাদ চলিহাৰ দিনতে ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৬২ চনৰ চীন ভাৰতৰ যুদ্ধ, শৰাইঘাটৰ প্ৰথমখন দলং নিৰ্মাণ, তেল শোধানাগাৰ আন্দোলন, জন্ম-মৃত্যুৰ পঞ্জীয়নৰ কাম হ’লেও অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ নোহোৱা হেতু অসমৰ বিভিন্ন ঠাইলৈ বাংলাদেশী অনুপ্ৰৱেশে চূড়ান্তৰূপ পৰিগ্ৰহ কৰিছিল৷১৯৬২ চনৰ নিৰ্বাচনত পুনৰ বিমলা প্ৰসাদ চলিহা অসমৰ মুখ্যমন্ত্ৰী হৈছিল৷ ১৯৬৫ চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ কালত অনেক অনুপ্ৰৱেশকাৰীয়ে অসমত প্ৰৱেশ কৰিছিল৷ ১৯৬৭ চনৰ নিৰ্বাচনত তেজপুৰৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নাওবৈচা সমষ্টিৰ পৰা ড॰ ভূপেন হাজৰিকাই নিৰ্বাচিত হৈ অসম বিধানসভালৈ আহিছিল৷ বিধানসভাৰ শেষৰ দিনটোত ড॰ ভূপেন হাজৰিকাই দিয়া ভাষণৰ পৰা বুজা যায় সেইসমকাল কিমান জটিল আৰু ৰহস্যেৰে ভৰা আছিল৷ ভূপেন হাজৰিকাই কৈছিল– “যোৱা পাঁচটা বছৰে চৰকাৰ কেনেকৈ চলে সেয়া দেখিলোঁ৷ আমি অনেক বিধায়ক ৰাইজৰ শ্ৰদ্ধেয় নহয়৷”গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ দৰে দক্ষ, সাহসী, অসমপ্ৰেমী, গুৰু শংকৰৰ জীৱন বাটেৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হৈ কাম কৰা ৰাজনৈতিক নেতাৰ অভাৱে আজি অসমক বিদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰিছে৷ ক্ষমতা স্থায়ী নহয়৷ ৰাজ্যখন স্থায়ী৷ মানুহৰ সমাজখন স্থায়ী৷ এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছিল গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিয়ে৷ দেশ বিভাজনৰ পিছত হোৱা বিদেশীৰ অনুপ্ৰৱেশে অসমত সৃষ্টি কৰা খিলঞ্জীয়াৰ অস্তিত্বহীনতাৰ বাবে ১৯৭৯-৮৫ চনলৈ বিদেশী নাগৰিক বহিষ্কাৰৰ সংগ্ৰাম হৈছিল৷ সেই সংগ্ৰামত ৮৬০ জন অসম সন্তানে মৃত্যু বৰণ কৰি শ্বহীদ হৈছিল৷ কিন্তু বিদেশীৰ সমস্যা কেৱল সমস্যা হৈ থাকিল আৰু ই হৈ পৰিল ৰাজনৈতিক জীৱন বাটৰ ক্ষমতা লাভৰ শ্ল’গান৷