বিশেষকৈ সন্তানহীন মহিলাৰ বাবে সুখবৰ কঢ়িয়াই আনিছে নগাঁও চহৰৰ ধিংগেইটত শুভাৰম্ভ হোৱা হেল্থ কেয়াৰ নামৰ উন্নত স্বাস্থ্য সেৱা প্ৰতিষ্ঠানে। শুক্ৰবাৰে নগাঁও চহৰৰ ধিং গেইটৰ ডিউ কেয়াৰ নাৰ্চিং হোমৰ সমীপত হেল্থ কেয়াৰ মেডিকেল নামৰ ফাৰ্মাচী শুভাৰম্ভ কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। বিশ্বাসযোগ্য আৰু উন্নত চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে আৰম্ভ কৰা হেল্থ কেয়াৰ মেডিকেলত উপলব্ধ হ’ব সন্তানহীনতা ৰোগৰ নগাঁৱৰ একমাত্ৰ বিশেষজ্ঞ চিকিৎসক কাকলি দত্তৰ চিকিৎসা সেৱা।

স্ত্ৰী, প্ৰসূতি আৰু সন্তানহীনতা ৰোগৰ মহিলা বিশেষজ্ঞ চিকিৎসক কাকলি দত্তৰ চিকিৎসা গ্ৰহণ কৰি ইতিমধ্যেই বহু সন্তানহীন মহিলাই দেখিবলৈ সক্ষম হৈছে সন্তানৰ মুখ। কেৱল এয়াই নহয়, এই হেল্থ কেয়াৰ মেডিকেলতেই প্ৰতি শনিবাৰে উপলব্ধ হ’ব গুৱাহাটীৰ জ্যেষ্ঠ তথা অভিজ্ঞ হৃদৰোগ বিশেষজ্ঞ চিকিৎসক বিকাশ ৰায় দাসৰ চিকিৎসা সেৱা। ইয়াৰোপৰি, বহুকেইটা ডিগ্ৰীধাৰী শিশু ৰোগ বিশেষজ্ঞ অভিজ্ঞ চিকিৎসক মহিবুল ইছলাম, হাড়ৰ বিশেষজ্ঞ চাৰ্জন চিকিৎসক দিলদাৰ হুছেইন, মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক কে কে দাসৰ চিকিৎসা সেৱাও উপলব্ধ হ’ব হেল্থ কেয়াৰ মেডিকেলত।

অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল ড্ৰাগছৰ কৰাল গ্ৰাসত পৰা লোকৰ আসক্তি দূৰীকৰণৰ পাৰদৰ্শী মনোৰোগ বিশেষজ্ঞ চিকিৎসক মৃদুশিখা বৰাৰ চিকিৎসাও উপলব্ধ হ’ব হেল্থ কেয়াৰ মেডিকেলত। আপোনৰ সন্তানক ড্ৰাগছ আসক্তি দূৰীকৰণ কৰিব বিচাৰিলে আপুনিও যোগাযোগ কৰিব পাৰে হেল্থ কেয়াৰ মেডিকেলত।আটাইকেইগৰকী অভিজ্ঞ চিকিৎসকৰ উন্নত সেৱা লাভ কৰিবলৈ আগতীয়াকৈ কৰিব লাগিব নাম পঞ্জীয়ন। নাম পঞ্জীয়নৰ বাবে যোগাযোগ কৰক 8822760240 আৰু 8133001261 নম্বৰত।