গেলেকীৰ ন-পুখুৰী গাঁও পঞ্চায়তত বিনামূলীয়া পশু চিকিৎসা শিৱিৰ সম্পন্ন

ডিজিটেল সেৱা, ​গেলেকী: শিৱসাগৰ জিলাৰ গেলেকীৰ ন-পুখুৰী গাঁও পঞ্চায়তত আজি এক বিনামূলীয়া পশু চিকিৎসা তথা সজাগতা শিৱিৰ সফলতাৰে সম্পন্ন হৈ যায়। পশুধনৰ সুস্বাস্থ্য আৰু বিভিন্ন ৰোগ-ব্যাধি প্ৰতিৰোধৰ উদ্দেশ্য আগত ৰাখি এই শিৱিৰৰ আয়োজন কৰা হয়। অঞ্চলটোৰ পশুপালকসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা এই বিশেষ শিৱিৰটোত ৰাজ্যৰ পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা এক অভিজ্ঞ চিকিৎসকৰ দলে অংশগ্ৰহণ কৰে।

শিৱিৰত উপস্থিত থকা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে অঞ্চলটোৰ বহুসংখ্যক গৰু, ম’হ, ছাগলী তথা হাঁহ-কুকুৰাৰ স্বাস্থ্য পৰীক্ষা কৰে।বিশেষকৈ বৰ্তমানৰ বতৰত পশুধনৰ হ’ব পৰা বিভিন্ন সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ সন্দৰ্ভত পশুপালকসকলক প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰা হয়। ইয়াৰোপৰি, পশুধনৰ উন্নত লালন-পালন আৰু পুষ্টিসাধনৰ বাবে পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা পশুপালকসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ বিভিন্ন জৰুৰীকালীন ঔষধ-পাতি আৰু ভিটামিন আদি বিতৰণ কৰা হয়। বিভাগৰ এই জনহিতকৰ পদক্ষেপক ন-পুখুৰী গাঁও পঞ্চায়তৰ স্থানীয় ৰাইজ তথা পশুপালকসকলে গভীৰ শলাগ লৈছে। এনে ধৰণৰ শিৱিৰে গ্ৰাম্য অৰ্থনীতিত পশুধনৰ ভূমিকা অধিক সুৰক্ষিত কৰিব বুলি স্থানীয় সচেতন ৰাইজে মত প্ৰকাশ কৰে।

Related Articles