ডিজিটেল সেৱা: বিশ্ব জনসংখ্যা দিৱস (WPD) উপলক্ষে ১১জুলাই তাৰিখৰ পৰা ১৮ জুলাই তাৰিখলৈকে অনুষ্ঠিত হ’বলগীয়া কাৰ্য্যসূচীৰ অংশ হিচাপে নগাঁও জিলাৰ শিঙিমাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত তাৰাবাৰী এম.পি.এইচ.চি.-ত জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

উক্ত কাৰ্যসূচীত নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক,ডাঃ পঞ্চম কুমাৰ বৰা, জিলা ন’ডেল বিষয়া (MDSR), ডাঃ কৃষ্ণ কে. বৰা, এছ.ডি.এম.& এইচ.অ’, শিঙিমাৰী বি.পি.এইচ.চি., ডাঃ এল. পি. শৰ্মা, জিলা প্ৰবন্ধক, অনিৰ্বাণ বৰঠাকুৰ, জিলা সংবাদ বিশেষজ্ঞ, পৰীস্মিতা বুঢ়াগোহাই, জিলা কমিউনিটি মবিলাইজাৰ, ৰাখি শইকীয়া, জ্যেষ্ঠ সমন্বয়ক, (IPAS), শেখৰজ্যোতি হাজৰিকা, সংবাদ মাধ্যমৰ বিশিষ্ট ব্যক্তি, BPMU-ৰ সমূহবিষয়ববীয়া, আশা কৰ্মী, যোগ্য দম্পতী আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে।অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰিয়াল পৰিকল্পনা আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে বিশেষভাৱে আলোকপাত কৰা হয়।

কাৰ্যসূচীৰ অংশ হিচাপে চাৰিগৰাকী নৱবিবাহিত দম্পতীক “নয়ী পহেল কিট” (Nayi Pehel Kit) বিতৰণ কৰা হয় যাতে তেওঁলোকক সচেতন আৰু দায়িত্বশীল পৰিয়াল পৰিকল্পনা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব পৰা যায়। লগতে শিঙিমাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত তিনিগৰাকী শ্ৰেষ্ঠ আশাকৰ্মী ক্ৰমে মিনাৰা খাতুন, মৰ্জিনা খাতুন আৰু হাচনাৰা খাতুনক পৰিয়াল পৰিকল্পনাৰ বিভিন্ন শিতানত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়।

ইয়াৰোপৰি আশা কৰ্মীসকলৰ জ্ঞান বৃদ্ধি আৰু পৰিয়াল পৰিকল্পনা বিষয়ক ধাৰণা অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে এখন কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় আৰু শ্ৰেষ্ঠ তিনিটা দলক পুৰস্কৃত কৰা হয়।