ডিজিটেল সেৱা ,গেলেকী : নাজিৰা সমষ্টিৰ ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ অন্তৰ্গত দেওপানী গোহাঁই চাঙমাইটিং অঞ্চলত কৃত্ৰিম বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিগত দুটা দিন ধৰি সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ থকাৰ ফলত স্থানীয় ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, অঞ্চলটোৰ অধিকাংশ লোকৰ বাসগৃহত বৰ্তমান বানৰ পানী প্ৰৱেশ কৰিছে। যাৰ ফলত সা-সম্পত্তি নষ্ট হোৱাৰ লগতে যাতায়তৰ একমাত্ৰ মাধ্যম বাট-পথসমূহো সম্পূৰ্ণৰূপে পানীৰ তলত ডুব গৈছে। এই কৃত্ৰিম বানৰ ফলত কেৱল সাধাৰণ জনজীৱনেই নহয়, পশুধনৰ ক্ষেত্ৰতো তীব্ৰ খাদ্য আৰু আশ্ৰয়ৰ সংকট দেখা দিছে। ৰাইজৰ গুৰুতৰ অভিযোগ:”বিগত বছৰ বছৰ ধৰি আমি এই একেই সমস্যাৰ সন্মুখীন হৈ আহিছো। আনকি পূৰ্বতে এই বানৰ বাবেই এই অঞ্চলৰ কেইবাজনো লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে, সমস্যাটোৰ এক স্থায়ী সমাধানৰ বাবে চৰকাৰ বা প্ৰশাসনে আজিলৈকে কোনো যাৱতীয় পদক্ষেপ গ্ৰহণ নকৰিলে।”স্থানীয় ৰাইজে ক্ষোভেৰে জানিবলৈ দিয়া মতে, বিগত দুদিনে সমগ্ৰ অঞ্চলটোৱে পানীৰ তলত ককবকাই থকাৰ পিছতো বৰ্তমানলৈকে কোনো এটা চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অঞ্চলটোত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লোৱা নাই। চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ এই চৰম উদাসীনতাৰ বিৰুদ্ধে এতিয়া তীব্ৰ ক্ষোভ উজাৰিছে ভুক্তভোগী জনসাধাৰণে। অতি শীঘ্ৰে প্ৰশাসনক ক্ষতিগ্ৰস্ত ৰাইজক সাহাৰ্য প্ৰদান কৰিবলৈ আৰু এই বান সমস্যাৰ এক স্থায়ী সমাধান উলিয়াবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।
কৃত্ৰিম বানত ককবকাইছে নাজিৰাৰ দেওপানী গোহাঁই চাঙমাইটিং অঞ্চল