সকলো প্ৰকৃত কৃষকে পঞ্জীয়ন কৰাৰ নিৰ্দেশ নগাঁও জিলা আয়ুক্তৰ

ডিজিটেল সেৱা: নগাঁও জিলাৰ প্ৰতিগৰাকী প্ৰকৃত কৃষকে যাতে চৰকাৰী সুবিধা আৰু সাৰ লাভৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, তাৰ বাবে কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়াটো অধিক ক্ষীপ্ৰ তথা সম্প্ৰসাৰিত কৰিবলৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ প্ৰদান কৰিছে । জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত কৃষক পঞ্জীয়নৰ বিষয়টোৰ পৰ্যালোচনা কৰি তেওঁ এইদৰে কয়। উল্লেখযোগ্য যে, কৃষি বিভাগৰ তৰফৰ পৰা ৰূপায়িত চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ আৰু ৰাসায়নিক সাৰ সঠিকভাৱে ক্ৰয় কৰিবলৈ কৃষকসকলৰ পঞ্জীয়ন থকাটো বাধ্যতামূলক। কৃষকসকলৰ পঞ্জীয়ন সুনিশ্চিত কৰাৰ লগতে জিলাখনত অব্যাহত থকা কৃষক সবলীকৰণ প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰ কৰি তোলাৰ উদ্দেশ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অলপতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ কৃষক পঞ্জীয়ন ব্যৱস্থাৰ বৰ্তমানৰ অগ্ৰগতিৰ খতিয়ান বিতংভাৱে পৰ্যালোচনা কৰা হয়।উক্ত গুৰুত্বপূৰ্ণ বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত ক্ৰমে গোপাল শৰ্মা, পল্লবী গগৈ, প্ৰমুখ্যে ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল, জিলা কৃষি বিষয়া, বিভাগীয় সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।

Related Articles