ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ শিবিৰ

ডিজিটেল সেৱা:খলিহামাৰী এডুকেশ্যনেল এণ্ড ডেভেলপমেন্ট ট্ৰাষ্টৰ উদ্যোগত আৰু শিক্ষক প্ৰশিক্ষণ পৰিচালনা সমিতিৰ সহযোগত উদমৰীস্থিত ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ চেকেণ্ডাৰী স্কুলত অনুষ্ঠিত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ শিবিৰটো আজি সফলভাৱে সামৰণি পৰে।শিক্ষকসকলৰ পেছাগত দক্ষতা বৃদ্ধি, আধুনিক শিক্ষণ-পদ্ধতি, শ্ৰেণীকক্ষ পৰিচালনা, সঠিক মূল্যায়ন আৰু নতুন শিক্ষানীতি সম্পৰ্কে ব্যৱহাৰিক জ্ঞান প্ৰদানৰ উদ্দেশ্যে এই শিবিৰ আয়োজন কৰা হৈছিল।উক্ত প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি শিক্ষা সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ আগবঢ়ায় – তজমুল হুছেইন, আলহাজ মিৰাণ হাদী হুছেইন, হাছানুজ জামান আনচাৰী, আনোৱাৰ হুছেইন। আজি বিয়লি অংশগ্ৰহণকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণেৰে কাৰ্যসূচীৰ অন্ত পেলোৱা হয়। অঞ্চলটোৰ শিক্ষাক্ষেত্ৰৰ গুণগত মান উন্নত কৰাত এই প্ৰশিক্ষণে বিশেষ ভূমিকা ল’ব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰে।

Related Articles