আজমল ইন্সটিটিউটৰ পৰা ২৮৭৩ গৰাকী শিক্ষাৰ্থীৰ প্ৰথম বিভাগত উত্তীৰ্ণ

ডিজিটেল সেৱা, হোজাই: আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূৰান্ত পৰীক্ষাত আজমল ফাউণ্ডেচনৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহে পুনৰবাৰ ৰাজ্যৰ ভিতৰতে এক ঈৰ্ষণীয় ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

আজমল ছুপাৰ ৪০-ৰ লগতে আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৩৬২০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২৮৭৩ গৰাকীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অভিলেখ সৃষ্টি কৰিছে।

​৫০০ তকৈ অধিক শিক্ষাৰ্থী ডিষ্টিংচন লাভ কৰে, ১৩৭৯ গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে। মুঠ ৬২২৮ টা বিষয়ত শিক্ষাৰ্থীসকলে লেটাৰ মাৰ্ক লাভ কৰিছে। ইয়াৰ উপৰিও ​প্ৰতিটো শাখাতে শিক্ষাৰ্থীসকলে নিজৰ মেধাৰ পৰিচয় দি আজমল পৰিয়ালক গৌৰৱান্বিত কৰিছে।

কলা শাখা আল নৌৰিনে ৯৬ শতাংশ নম্বৰ লাভ কৰিছে,​বিজ্ঞান শাখা চাহিল আহমেদে ৯৪.২০ শতাংশ নম্বৰ লাভ কৰিছে আৰু ​বাণিজ্য শাখা শ্বাহিদ আহমেদে ৯২.৪০ শতাংশ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।

শিক্ষানুষ্ঠান সমূহৰ এই সামগ্ৰিক সফলতাত সমগ্ৰ হোজাইৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আনন্দৰ লহৰ উঠিছে।

আজমল ফাউণ্ডেচনৰ কৰ্তৃপক্ষৰ লগতে মৌলানা বদৰুদ্দিন আজমল, ছিৰাজুদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম,মহা প্ৰবন্ধক ড° এম আৰ এইচ আজাদ, আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰে কৃতী শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ ভৱিষ্যৎ উজ্জ্বল কামনা কৰিছে।

Related Articles