প্ৰসংগ: গোৱালপাৰা আৰু ধুবুৰী

ৰেজাউল কৰিম◆

১৮২২ চনত গোৱালপাৰাজিলাখন উত্তৰ পূৱ ৰংপুৰৰ জিলা আছিল। ৰংপুৰ বৰ্তমানে বাংলাদেশৰ অন্তৰ্গত।১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ সময়ত অসম বৃটিছ চৰকাৰৰ অধীন হয় আৰু গোৱালপাৰাখনকো অসমৰ সৈতে সাঙুৰি দিয়া হয়। ইয়াৰ আগলৈকে গোৱালপাৰা অসমৰ সৈতে নাছিল আৰু অসমখনো বৃটিছ ভাৰতৰ তলতীয়া নাছিল। ১৮৮৬ চনৰ অসম ভূমি নীতি বলবৎ হোৱাৰ আগলৈকে গোৱালপাৰাত চিৰস্থায়ী বন্দোবস্তী সম্পৰ্কীয় নীতি সমূহ বেঙ্গল নীতিৰ আধাৰত চলি আছিল।১৮২৬ চনৰ পৰা ১৮৬৬ চনলৈ গোৱালপাৰা অসমৰ সৈতে আছিল। ১৮৬৭ চনত গোৱালপাৰা, গাৰোপাহাৰ অসমৰ পৰা পৃথক কৰি কোচবিহাৰ কমিছনাৰৰ অন্তৰ্ভুক্ত কৰা হয় আৰু গোৱালপাৰাখন বেঙ্গলৰ অংশ হৈ পৰে। ১৮৭৪ চনত গোৱালপাৰা, ধুবুৰী,কৰৈবাৰী অসমৰ সৈতে সংলগ্ন কৰি গোৱালপাৰা জিলা গঠন কৰা হয়। এইদৰে গোৱালপাৰা জিলাখন ১৯০৫ চনলৈকে অসমৰ সৈতে থাকে। ১৯০৫ চনত বঙ্গ ভাগ কৰি পূৱ বঙ্গ আৰু অসম লগলগাই পূৱ বঙ্গ আৰু অসম নামেৰে এখন নতুন প্ৰদেশ গঠন কৰা হয়। এনেদৰে অসম আকৌ বঙ্গৰ লগ লাগে। ১৯১২ চনত বঙ্গ ভঙ্গ ৰদ হয় আৰু গোৱালপাৰাখন অসমৰ সৈতে থাকি যায়।এতিয়া ধুবুৰী গোৱালপাৰাৰ মানুহৰ সৈতে তথাকথিত উজনিৰ মানুহৰ ভাষা সংস্কৃতিৰ মিল থকাৰ কিবা যুক্তি আছেনে ? আনহাতে ভাষা সংস্কৃতিৰ মিল নাথাকিলেই তেওঁলোক মিঞা বাংলাদেশী হৈ যায় নেকি ? কিহৰ যুক্তিত ধুবুৰী, গোৱালপাৰাৰ মানুহে উজনি অসমত থাকি কাম কৰিব নোৱাৰে ?অসমখনক উজনি নামনিত কোনে ভাগ কৰিবলৈ আৰম্ভ কৰিছে ? চিন্তা কৰকচোন। এয়া কোনো মুছলমানৰ সমস্যা নহয়। এইটো এটা জাতীয় ঐক্য ধ্বংস কৰাৰ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ সমগ্ৰ অসমৰ অসমীয়া মানুহৰ বিৰুদ্ধে।মন কৰিবলগীয়া কথা হ’ল যে অবিভক্ত গোৱালপাৰা জিলাৰ ভাষা দেশী বা কোচ ৰাজবংশী ভাষা। এই ভাষা আজিৰ প্ৰচলিত অসমীয়া ভাষাৰ আদি ৰূপ। কামৰূপী ভাষাও আজিৰ প্ৰচলিত অসমীয়া ভাষাৰ আগৰ ৰূপ। কোচ ৰাজবংশী সকলে নিজৰ ভাষাত সাহিত্য ৰচনা কৰি নিজৰ ইতিহাস লিপিবদ্ধ কৰিছে। সকলোৱে এই ইতিহাস অধ্যয়ন কৰা উচিত।অসমৰ ভাষা সংস্কৃতিৰ এই বৈচিত্ৰ্যতা নজনা লোকসকল অথবা জানিও নজনাৰ ভাওঁ জুৰা লোকসকলৰ ভৱিষ্যত অসম আৰু জাতিৰ বাবে বিপদজনক।

Related Articles