ডিজিটেল সেৱা: নিজ কঠীয়াতলী স্বৰ্ণ শাখা সাহিত্য সভা,ৰাঙলু স্বৰ্ণ শাখা সাহিত্য সভা আৰু ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ যৌথ উদ্যোগত ৯ মে’ তাৰিখে ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ প্ৰাংগণত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

উক্ত অনুষ্ঠানটো দুয়োখন স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক,শ্ৰী ঘনকান্ত বৰা দেৱৰ ৭৪ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি আয়োজন কৰা হয়। মূলতঃ ২০২৫-২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কৃতি শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত, শ্ৰীযুত দেৱাশীষ শৰ্মাই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। নিজৰ ভাষণত জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় “কেৱল পাঠ্যপুথিৰ জ্ঞানেই নহয়, এজন সফল মানুহ হ’বলৈ নৈতিক শিক্ষা আৰু সাহিত্য-সংস্কৃতিৰ চৰ্চা অত্যন্ত প্ৰয়োজন।

তেখেতে ঘনকান্ত বৰা দেৱৰ সমাজসেৱা আৰু সাহিত্যৰ প্ৰতি থকা অনুৰাগৰো ভূয়সী প্ৰশংসা কৰে। এই বিশেষ অনুষ্ঠানত গ্ৰাম বিকাশ পৰিষদৰ মুখ্য উপদেষ্টা চিৰাজউদ্দিন আহমেদ, অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি,সাহিত্যিক তথা সন্মানীয় সাংবাদিকসকল উপস্থিত থকাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিয়ে অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰি তোলে।