ডবকাৰ উদমাৰী পানী যোগান আঁচনিত ১০ কোটি ব্যয়ৰ পিছতো নোলায় পানী !

জমিৰ উদ্দিন তালুকদাৰ◆

ভাৰত চৰকাৰৰ অন্যতম ধ্বজাবাহী আঁচনি জলজীৱন আঁচনিৰ নামত কোটি কোটি টকা চৰকাৰে ব্যয় কৰাৰ পিছতো গঞা ৰাইজে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ হোজাই জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত উদমাৰী পানী যোগান আঁচনিৰ নামত ২০০৯-১০ বিত্তীয় বৰ্ষত ৭ কোটি ৪৭ লাখ ১৫ হাজাৰ টকা মোকলাই দিছিল৷ একেটা আঁচনিৰ মেৰামতিৰ বাবদ একেটা বিত্তীয় বৰ্ষতে ৩ কোটি ৪৮ লাখ ৪০ হাজাৰ টকা মোকলাই দিয়া হৈছিল যদিও আঁচনিটো এতিয়া এক প্ৰকাৰ বগাহাতীত পৰিণত হৈছে৷ কলিতে মৰহি যোৱা উদমাৰী পানী যোগান আঁচনিটোক সক্ৰিয় কৰি তুলিবলৈ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী গাওঁসমূহত ঘৰে ঘৰে পানী যোগান ধৰিবলৈ পাইপ, টেপ আৰু আনুষংগিক ব্যয়ৰ নামত ২০২০-২১ বিত্তীয় বৰ্ষত বিভাগে জলজীৱন মিছনৰ অধীনত ১ কোটি ৬৮ লাখ ৬৭ হাজাৰ টকা ব্যয় কৰে৷ একেটা বিত্তীয় বৰ্ষতে পুনৰবাৰ মেৰামতিৰ নামত ১ কোটি ৫৫ লাখ ৫১ হাজাৰ টকা মোকলাই দিয়ে৷ সেই হিচাপে স্থানীয় উদমাৰী, মিকিৰপাৰা, যমুনাগাওঁ, ৰোৱাৰপাৰ আদি গাঁৱত পানী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰে৷ এই আঁচনিৰ জৰিয়তে বিভাগীয় কাগজত কিমান ঘৰত পানী যোগান ধৰা দেখুওৱা হৈছে আৰু বাস্তৱত কিমান ঘৰে পানী লাভ কৰিছে, সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷ উদমাৰী পানী যোগান আঁচনিৰ অধীনত নমাটি গাঁও পঞ্চায়তৰ মিকিৰপাৰা গাঁৱৰ মুঠ জনসংখ্যা ১২৬৫ গৰাকী৷ ইয়াৰে নলযোগে পানী যোগান ব্যৱস্থাৰ অধীনত মুঠ ৩৪২ গৰাকী হিতাধিকাৰীক পানী যোগান ধৰা দেখুৱা হয়৷ অথচ বাস্তৱত গাওঁখন মাত্ৰ কেইঘৰত পাইপৰ সংযোগ দিয়া হৈছিল যদিও বৰ্তমান তাৰ কোনো চিন মোকাম পাবলৈ নাই৷ এনেকৈ হোজাই জিলাত চলিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি৷ চৰকাৰে জলজীৱনৰ নামত প্ৰতিটো বিত্তীয় বৰ্ষতে কেৱল হোজাই জিলাত কেইবা কোটি টকা ব্যয় কৰাৰ পিছতো বাস্তৱত এই আঁচনিবোৰ ভালুকৰ সাঙীত পৰিণত হৈছে৷ অৰ্ধ সম্পূৰ্ণ আঁচনিৰ নামত জলজীৱনৰ ঠিকাদাৰে ধন সৰকাই লৈ যোৱাৰ পিছতো এই আঁচনিবোৰৰ পৰ্যবেক্ষণ, নিৰীক্ষণতো যেন অৱহেলা হোজাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ৷ জিলাখনৰ ৰূপায়ন হোৱা প্ৰতিটো পানী যোগান আঁচনিৰ ওপৰত এক উপযুক্ত তদন্তৰ দাবী তুলিছে ৰাইজে৷

Related Articles