ডিজিটেল সেৱা, কলিয়াবৰ: কলিয়াবৰ সম-জিলাৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা কাষৰীয়া গাঁৱত আজি দুটা ঢেকীয়াপতীয়া বাঘৰ প্ৰৱেশক কেন্দ্ৰ কৰি আৰু ইয়াৰ পৰা মানুহৰ জীৱনৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সম-জিলা প্ৰশাসনৰ তৰফৰ পৰা সতৰ্কতামূলক ব্যৱস্থা হিচাপে উক্ত স্থানত মানুহৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সেই অনুসৰি কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা গাঁও/সোনাৰি গাঁও আৰু ইয়াৰ আশে-পাশে থকা চাহ বাগিচা এলেকা অৰ্থাৎ কলিয়াবৰ চাহ বাগিচাৰ ২ নং বাগান, নগা পথাৰ আদিৰ লগতে ত্ৰিশুলধাৰী মন্দিৰ পথৰ পৰা শিলঘাট মৰাপাট মিললৈ নতুন পি ডব্লিউ ডি পথত আবেলি ২ বজাৰ পৰা পিছদিনা পুৱা ৯ বজালৈ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। অৱশ্যে কৰ্তব্যৰত চৰকাৰী বিষয়া -কৰ্মচাৰীক এই নিষেধাজ্ঞাৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে। কলিয়াবৰ সম-জিলা আয়ুক্ত ৰাজ বৰুৱাই ভাৰতীয় নাগৰিক সংহিতাৰ ১৬৩ নং ধাৰাৰ অধীনত এই নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞা পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।
কলিয়াবৰ কামাখ্যা গাঁৱত বাঘৰ প্ৰৱেশক লৈ প্ৰশাসনৰ নিষেধাজ্ঞা