পথ-দুৰ্ঘটনা ৰোধৰ উপায় বিচাৰি নগাঁৱৰ ৰাজপথত ডিচি-এছপি

ডিজিটেল সেৱা, নগাঁও: নগাঁও চহৰৰ দাঁতিকাষৰীয়া অঞ্চলত সংঘটিত হৈ অহা যান-বাহনৰ দুৰ্ঘটনাৰ সমস্যাৰ ওৰ বিচাৰি আজি জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে চহৰৰ লগতে ঘাই পথৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে। আজি তেওঁলোকে নগাঁও চহৰৰ পৰা উৰিয়াগাঁও হৈ উজনি অসমলৈ যোৱা পথৰ সমীপৰ আউনীআটী আৰু নৰ্ত্তম গাঁৱলৈ যোৱা সংযোগকাৰী পথত সৃষ্টি হোৱা বিভিন্ন দুৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহ তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰে।

দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত জিলা পথ সুৰক্ষা সমিতি, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা পদক্ষেপৰ অংশ হিচাপে চলোৱা এই পৰিদৰ্শন কালত তেওঁলোকে প্ৰত্যক্ষ কৰে যে, একাংশ লোকে পথৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ক্ৰচিং আৰু ডিভাইডাৰ ভাঙি সৃষ্টি কৰা অবৈধ বাট আদিৰ দৰে কাৰ্যৰ ফলত সাধাৰণ পথচাৰীৰ লগতে যাত্ৰীসকলৰ বাবে যাতায়ত বিপজ্জনক হৈ পৰিছে আৰু ইয়াৰ বাবেই সঘনাই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। এই পৰিদৰ্শনৰ সময়ত স্থানীয় একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি কৰা বিভিন্ন অবৈধ ক্ৰচিং আৰু চালকসকলে ভুল দিশেৰে বাহন চলোৱা ইউ-তাৰ্ণ লোৱাৰ ভয়ংকৰ দৃশ্য পৰিলক্ষিত হয়। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত, জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে পথৰ এই অবৈধ ক্ৰচিংসমূহ তৎকালীনভাৱে বন্ধ কৰা তথা যাৱতীয় সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপস্থিত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে।

এই গুৰুত্বপূৰ্ণ পৰিদৰ্শনকালত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে জিলা পৰিবহণ বিষয়া আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অভিযন্তাসকলো উপস্থিত থাকে। উল্লেখযোগ্য যে, বিগত সময়ছোৱাত স্থানীয় লোকৰ দ্বাৰা ঘাইপথৰ পৰা নৰ্ত্তম গাঁৱলৈ যোৱা অংশত এটা সংযোগকাৰী ক্ৰচিং নিৰ্মাণৰ বাবে কৰা অনুৰোধৰ ভিত্তিত আজি জিলা আয়ুক্ত মহোদয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অভিযন্তাৰ সৈতে পথৰ অংশটো পৰিদৰ্শন কৰি ক্ৰচিং নিৰ্মাণৰ ক্ষেত্ৰত থকা কাৰিকৰী অসুবিধাসমূহ পৰ্যালোচনা কৰে আৰু অভিযন্তাসকলে সুৰক্ষাজনিত কাৰণত সেই স্থানত ক্ৰচিং বনাব নোৱাৰাৰ কাৰণসমূহ ব্যাখ্যা কৰে।

Related Articles