জনকল্যান শিবিৰত ৰাইজক অংশগ্ৰহণ কৰিবলৈ নগাঁও জিলা আয়ুক্তৰ আহ্বান

ডিজিটেল সেৱা: নগাঁও জিলাত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া জনকল্যান শিবিৰ কেবল মাত্ৰ এক নিয়ম-মাফিক কৰিবলগীয়া হোৱা চৰকাৰী কাৰ্যসূচী হিচাপে নলৈ বিষয়াসকলক আন্তৰিকতাৰে জনসেৱাৰ সুযোগ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। জনকল্যান শিবিৰক লৈ আয়োজিত এখন প্ৰস্তুতিমূলক সভাত হোৱা পৰ্যালোচনাৰ অন্তত তেওঁ এই আহ্বান জনাই কয় যে, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কিবা এটা আশাত অহা ৰাইজক যৎপৰোনাস্তি আমি সহায় কৰাৰ আৰু সম্ভৱ হ’লে নীতি নিয়মৰ মাজেৰে থলিতে তেওঁলোকৰ সমস্যা সমাধান কৰা বা প্ৰাপ্য সুবিধা প্ৰদানৰ বাবে প্ৰচেষ্টা চলোৱা উচিত। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডৰ লগতে জিলা সদৰতো জনকল্যান শিবিৰ অনুষ্ঠিত হ’ব। এই শিবিৰত জনস্বাৰ্থৰ সৈতে প্ৰত্যক্ষ ভাবে জড়িত প্ৰায় প্ৰতিটো বিভাগৰ একোটাকৈ বিপনী স্থাপন কৰা হ’ব। আয়ুস্মান ভাৰত, প্ৰধানমন্ত্ৰী আবাস যোজনা, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ, নিযুত ম‌ইনা, লাখপতি বাইদেউ, অন্নযোজনা, কৃষান ক্ৰেডিট কাৰ্ড প্ৰমুখ্যে বিভিন্ন চৰকাৰী আচঁনিসমূহৰ পৰা যোগ্যতা থকা স্বত্বেও কোনো কাৰণত বাদ পৰি যোৱা লোকসকলক এই শিবিৰৰ জৰিয়তে সামৰি লোৱা হ’ব। জিলাখনৰ ১৩ টা উন্নয়ন খণ্ডৰ প্ৰতিটোতে এনে কাৰ্যসূচীৰ আয়োজন কৰাৰ উপৰি কলিয়াবৰ সম-জিলা, ৰহা সম-জিলা আৰু নগাঁও জিলা সদৰতো অনুৰূপ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সেই অনুসৰি নগাঁও আৰক্ষী ছাউনীত কাইলৈৰ পৰা জিলা ভিত্তিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইফালে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এটা ভিডিঅ’ বাৰ্তা যোগে জিলাখনত সকলো ৰাইজকে এই শিবিৰত অংশগ্ৰহণ কৰি কিবা অভাৱ -অভিযোগ থাকিলে প্ৰশাসনক অবগত কৰিবলৈ মুকলি আহ্বান জনাইছে। বিশেষকৈ যিসকলে, উপযুক্ততা থকা স্বত্বেও কোনো চৰকাৰী আচঁনিৰ পৰা যদি কিবা কাৰণত বঞ্চিত হৈ আছে তেওঁলোকক আগবাঢ়ি আহিবলৈ বিশেষভাবে অনুৰোধ জনাইছে। আজিৰ সভাত সকলো অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে।

Related Articles