ডিজিটেল সেৱা: অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু স্বেচ্ছাসেৱী সংগঠন ‘কোশী লোক মঞ্চ’ৰ যৌথ উদ্যোগত কালি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত হয়। শিশু সুৰক্ষা সম্পৰ্কীয় জিলা পৰ্যায়ৰ এই কৰ্মশালাত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড° শ্যামল প্ৰসাদ শইকীয়া আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও উপস্থিত থাকে।এই কৰ্মশালাত জিলাখনত শিশুৰ নিৰাপত্তা, যত্ন, সুৰক্ষা আৰু কল্যাণৰ বাবে কৰ্মৰত বিভিন্ন অংশীদাৰসকলৰ মাজত সমন্বয় বৃদ্ধি কৰা আৰু শিশু সুৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত শিশু সুৰক্ষা আইন আৰু আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, বাল্য বিবাহ প্ৰতিৰোধ, শিশু শ্ৰমিক নিবাৰণ, শিশু সৰবৰাহ আৰু নিৰ্যাতন ৰোধ কৰাৰ দৰে স্পৰ্শকাতৰ বিষয়সমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰিও শিশু সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগসমূহৰ মাজত পাৰস্পৰিক সমন্বয় অধিক দৃঢ় কৰা, উদ্ধাৰ কৰা শিশু শ্ৰমিকসকলৰ সঠিক পুনৰ্সংস্থাপন তথা যত্ন সেৱাৰ উন্নতি সাধন কৰা আৰু শিশুৰ অধিকাৰ তথা কল্যাণৰ ক্ষেত্ৰত দেখা দিয়া নতুন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ কৌশল নিৰ্ধাৰণৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।কৰ্মশালাত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যা জানকী খাউণ্ড, অতিৰিক্ত জিলা আয়ুক্ত (মহিলা আৰু শিশু বিকাশ) কমল জিৎ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) আবোটানি দলে আৰু উপ-আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) পৰিমিতা চৰকাৰ,কোশী লোক মঞ্চৰ কাৰ্যবাহী সঞ্চালক ঋষি কান্ত আৰু ৰাজ্যিক সমন্বয়ক সুৰজিত বৰদলৈ, জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলি আৰ্য, শ্ৰম পৰিদৰ্শক মনজীৱ শৰ্মা, নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, জিলা প্ৰাথমিক শিক্ষা বিষয়া বিভূতি চৰণ বৰুৱা, শিশু কল্যাণ সমিতিৰ অধ্যক্ষ দীপিকা বৰদলৈ আৰু শিশু হেল্পলাইন সমন্বয়ক সুপ্ৰিয়া কৌশিকৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল, শিশু সুৰক্ষা প্ৰতিষ্ঠানসমূহৰ সদস্যসকল আৰু অন্যান্য অংশীদাৰসকল উপস্থিত থাকে।
নগাঁৱত ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ উদ্যোগত কৰ্মশালা