বান পীড়িতৰ মাজত দুৰ্গন্ধযুক্ত, নিম্নমানৰ বান সাহায্য বিতৰণক লৈ প্ৰতিক্ৰিয়া

জমিৰ উদ্দিন তালুকদাৰ

হোজাই জিলাৰ বান পীড়িত বিন্নাকান্দি সমষ্টিৰ ডবকা চহৰৰ ৫ নং ৱাৰ্ড আৰু সূতাৰগাওঁ পঞ্চায়তৰ দীঘল জাৰুণী বনগাঁৱত অতি নিম্নমানৰ বান সাহায্য বিতৰণৰ অভিযোগ উত্থাপন হৈছে৷ বান পীড়িতৰ মাজত বিতৰণ কৰা নিম্নমানৰ, খাদ্যৰ অনুপযোগী মিঠাতেল বান পীড়িতই পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি হোজাই জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগে বিন্নাকান্দি সমষ্টিৰ বান আক্ৰান্ত অঞ্চল ক্ৰমে ডবকা পৌৰসভাৰ পাঁচ নং ৱাৰ্ড আৰু সূতাৰগাওঁ পঞ্চায়তৰ দীঘলজাৰুণী বনগাঁৱত কেবা শ আক্ৰান্তৰ মাজত বান সাহায্য বিতৰণ কৰে৷ ইয়াৰে দীঘল জাৰুণী গাঁৱত আঢ়ৈশৰো অধিক পৰিয়াল যমুনাৰ বিধ্বংসী বানত আক্ৰান্ত হয়৷ আক্ৰান্তসকলৰ মাজত বিতৰণ কৰা মিঠাতেল আছিল খাদ্যৰ অনুপযোগী৷ মিঠাতেলত থকা দুৰ্গন্ধৰ বাবে বান পীড়িতই সেই তেল গ্ৰহণ নকৰি পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ আজি সাংবাদিকৰ সন্মুখত মধ্যপ্ৰদেশৰ ‘টাইগাৰ’ নামৰ মিঠাতেল কোম্পানীৰ তেলটোৰ দুৰ্গন্ধৰ কথা কৈ বান পীড়িতই দলিয়াই দিয়ে৷ হোজাইত বান সাহায্যৰ ঠিকা লাভ কৰা ঠিকাদাৰে অধিক মুনাফাৰ লোভত নিম্নমানৰ মিঠাতেল, চাউল, দাইল যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে৷ মৌলানা বদৰুদ্দিন আজমলৰ সমষ্টিত হোজাই জিলা প্ৰশাসনে নিম্নমানৰ বান সাহায্য বিতৰণ কৰাৰ অভিযোগে এতিয়া সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অভিযোগ অনুসৰি হোজাই জিলা প্ৰশাসনত দুৰ্যোগ প্ৰশমন বিভাগৰ দায়িত্বত থকা এগৰাকী এডিচিয়ে নিজৰে এগৰাকী ‘খাচ’ মানুহক বান সাহায্য যোগানৰ ঠিকা প্ৰদান কৰে৷ সেইগৰাকী ঠিকাদাৰে অধিক মুনাফাৰ স্বাৰ্থত দুৰ্যোগ পীড়িতৰ মুখৰ ভাতমুঠি কাঢ়ি খোৱাত লিপ্ত হোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷ এই বিষয়ে এক স্বচ্ছ আৰু ক্ষীপ্ৰ তদন্তৰ দাবী উত্থাপন হৈছে৷

Related Articles