ডিজিটেল সেৱা: কাইলৈ ইছলাম ধৰ্মৰ পবিত্ৰ মহৰম নগাঁও জিলাত শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে উদযাপন কৰাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ লগতে ইছলাম ধৰ্মৰ নেতৃস্থানীয় লোক সকলৰ সৈতে এক আলোচনাত মিলিত হয়। নগাঁও আৰক্ষী ছাউনীৰ সভাকক্ষত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ উদ্যোগত অনুষ্ঠিত গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক বৈঠকখনত মহৰম উপলক্ষে আয়োজন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচী, জনসমাগম নিয়ন্ত্ৰণ, শান্তি-শৃংখলা ৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা শোভাযাত্ৰাৰ বাবে নিৰ্দিষ্ট পথ চিহ্নিতকৰণৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়।

বৈঠকত জিলা আয়ুক্ত শৰ্মাই জিলাখনত সম্প্ৰীতি আৰু শান্তিৰ পৰিৱেশ অটুট ৰাখি পবিত্ৰ মহৰম উদযাপন কৰিবলৈ সকলো পক্ষকে আহ্বান জনায়। তেওঁ মহৰম উপলক্ষে আয়োজন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন তথা আৰক্ষীক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ উদযাপন সমিতিসমূহক অনুৰোধ জনায় আৰু আইন-শৃংখলা পৰিস্থিতি যাতে কোনো কাৰণতে বিঘ্নিত নহয়, তাৰ বাবে চকু ৰাখিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। আজিৰ এই বৈঠকত জিলা আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ মহৰম উদযাপন সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।