শিৱসাগৰ জিলাত ১১ জনী গো-ধনসহ বলেৰ’ পিকআপ বাহন জব্দ, চালক আটক

ডিজিটেল সেৱা,গেলেকী: উজনি অসমত চলাই থকা গৰুৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ নামতি আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বৃস্পতিবাৰে পুৱতি নিশা নামতি আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত ১১ জনী গো-ধনসহ এখন বলেৰ’ পিকআপ বাহন জব্দ কৰাৰ লগতে ইয়াৰ চালকজনককো আটক কৰে।

জব্দ কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ AS-04-CC-0165 বুলি জানিব পৰা গৈছে।​এক গোপন সূত্ৰৰ পম খেদি নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভুৱন চন্দ্ৰ গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নামতি আলিত এই অভিযান চলাইছিল। অভিযানকালত গৰু ভৰ্তি বাহনখন জব্দ কৰাৰ লগতে ইয়াৰ চালক ৰৌজববা আলিক আটক কৰা হয়। ধৃত চালকজনৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমৌ থানাৰ অন্তৰ্গত দিচাং হালোৱাটিঙ গাঁৱত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।প্ৰাথমিক খবৰ অনুসৰি, গো-ধনখিনি ডিমৌৰ পৰা আমগুৰিৰ হালোৱাটিঙ অভিমুখে অবৈধভাৱে নি থকা হৈছিল।

এই অবৈধ গৰু সৰবৰাহকাৰী চক্ৰটোৰ সৈতে আৰু কোন কোন লোক জড়িত হৈ আছে, সেই সন্দৰ্ভত নামতি আৰক্ষীয়ে বৰ্তমান তীব্ৰ তদন্ত অব্যাহত ৰাখিছে।উল্লেখ্য যে, অলপতে উজনি অসমৰ বিভিন্ন প্ৰান্তত গৰুৰ অবৈধ সৰবৰাহ উল্লেখনীয়ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তেনে সময়তে নামতি আৰক্ষীয়ে দেখুওৱা এনে তৎপৰতা আৰু সাফল্যক অঞ্চলটোৰ সচেতন মহলে বিশেষভাৱে শলাগিছে।

Related Articles