হোজাই জিলাৰ ডবকাত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ কাঠ জব্দ

জমিৰউদ্দিন তালুকদাৰ◆

বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কঠোৰ নিৰ্দেশৰ পিছত বন ধ্বংসকাৰী আৰু অবৈধ বনজ সম্পদ মজুতকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি বন বিভাগৰ অভিযান অব্যাহত আছে৷ হোজাই বন বিভাগেও কঠোৰ কৰিছে তদন্ত অভিযান৷ এই অভিযানত একাংশ চোৰাং ব্যৱসায়ীৰ নিদ্ৰাহৰণ হৈছে৷ আজি দক্ষিণ নগাওঁ বন সংমণ্ডল প্ৰাধিকাৰীৰ অন্তৰ্গত যমুনা উপত্যকা বনাঞ্চলিক বিষয়া দীপক মহন্তৰ নেতৃত্বত বন বিভাগৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ এক গোপন খবৰৰ ভিত্তিত বন বিষয়া গৰাকীৰ নেতৃত্বত যোৱা এটি দলে ডবকাৰ জংগলব্লক (বগুৰি) অঞ্চলৰ এঘৰ মানুহৰ ঘৰত ব্যৱসায়ীক উদ্দেশ্যৰে অবৈধভাৱে মজুত কৰি ৰখা মূল্যবান চেগুন, গমাৰীৰ ৫ ঘন মিটাৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ তিনিখন টাটা ডিআই ভৰ্তি কৰি কাঠখিনি ডবকা বন কাৰ্যালয়লৈ লৈ আনে৷ বন বিষয়া গৰাকীয়ে সদৰি কৰা মতে কাঠখিনিৰ বজাৰমূল্য অনুমানিক দুই লাখ টকা হব৷ বন বিভাগৰ অভিযানৰ উমান পাই কাঠ ব্যৱসায়ী গৰাকীয়ে আত্মগোপন কৰে৷ এই বিষয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আছে৷

Related Articles