বৰদোৱাত গ্ৰীষ্মকালীন সাংস্কৃতিক শিবিৰৰ সামৰণি অনুষ্ঠানত জিলা আয়ুক্ত

ডিজিটেল সেৱা, বটদ্ৰৱা: “নতুন প্ৰজন্মৰ উৎসাহ-উদ্দীপনাই আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মহান কৃষ্টিক সদায় সজীৱ আৰু অমৰ কৰি ৰাখিব।” অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বৰদোৱাত অনুষ্ঠিত হোৱা পষেকযোৰা গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এইদৰে কয়। বৰদোৱা সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ ব্যৱস্থাপনাত বিগত ১৪ জুলাইৰ পৰা ২৯ জুলাই ২০২৬ লৈ বটদ্ৰৱা থানৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত ‘সত্ৰীয়া নৃত্য’ শিতানত এই বিশেষ কৰ্মশালাখনি অনুষ্ঠিত হয়। কমৰ্শালাৰ সামৰণিত কালি সন্ধিয়া শিশু -চেমনীয়া শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিবেশিত অনুষ্ঠান উপভোগ কৰি জিলা আয়ুক্ত শৰ্মাই কয় যে, “যেতিয়াই আমাৰ নৱপ্ৰজন্মই নিজৰ শিপাক পাহৰি নোযোৱাকৈ এনেদৰে সংস্কৃতিৰ চৰ্চা কৰিব, তেতিয়াই এখন স্বাভিমানী সমাজ গঢ়ি উঠিব।” উল্লেখযোগ্য যে নগাঁও জিলা প্ৰশাসনৰ সহযোগত ৬০ নং নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ সমষ্টি ভিত্তিত অনুষ্ঠিত এই দ্বিতীয়খন ১৫ দিনীয়া “গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালা ২০২৬” ৰ কালি সন্ধিয়া সফলতাৰে সামৰণি পৰে। এই উপলক্ষে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সামৰণি অনুষ্ঠানত জিলা আয়ুক্ত গৰাকীয়ে অতিথি হিচাপে উপস্থিত থাকি শিক্ষাৰ্থীসকলৰ সুন্দৰ নৃত্য প্ৰদৰ্শন উপভোগ কৰে আৰু তেওঁলোকৰ প্ৰতিভাক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত জিলা সাংস্কৃতিক উন্নয়ন বিষয়া নম্ৰতা বৰাৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, প্ৰশিক্ষকসকলৰ লগতে স্থানীয় ৰাইজ বিপুল সংখ্যাত উপস্থিত থাকে। কৰ্মশালাৰ শেষৰ দিনটোত শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা সুন্দৰ সত্ৰীয়া নৃত্যই উপস্থিত সকলো দৰ্শক-শ্ৰোতাক মুগ্ধ কৰে। বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধৰ সময়খিনিক সঠিক আৰু গঠনমূলক কামত ব্যৱহাৰ কৰি নতুন প্ৰজন্মক নিজৰ মৌলিক সংস্কৃতি, আধ্যাত্মিকতা আৰু ঐতিহ্যৰ সৈতে একাত্ম কৰোৱাৰ উদ্দেশ্যেই এই কাৰ্যসূচী গ্ৰহণ কৰা বুলি শৰ্মাই উল্লেখ কৰে আৰু এই ক্ষেত্ৰত যথেষ্ট সফল হোৱা যেন অনুভৱ হোৱা বুলিও মত প্ৰকাশ কৰে।

Related Articles