ডিজিটেল সেৱা, নগাঁও: ৰাজ্য চৰকাৰৰ মহিলা সবলীকৰণ আৰু আৰ্থিক সুৰক্ষাৰ প্ৰদানৰ ধ্বজাবাহী আঁচনি অৰুণোদয় ৩.০ ৰ আনুষ্ঠানিক যাত্ৰা ৰাজ্যৰ অন্যান্য অংশৰ লগতে আজি নগাঁও জিলাতো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। নগাঁও জিলাৰ ২,১২,৪৮৫ গৰাকী হিতাধিকাৰীক সামৰি লোৱাৰ লক্ষ্যৰে প্ৰতিটো বিধানসভা সমষ্টিৰ লগতে পৌৰসভা আৰু পঞ্চায়ত পৰ্যায়তো উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয়। চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত শিঙিমাৰীত আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও উপস্থিত থাকে। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে, অৰুণোদয় ৩.০ সংস্কৰণত লাভাৰ্থীসকলৰ সুবিধা আৰু স্বচ্ছতাক অগ্ৰাধিকাৰ দি সমগ্ৰ ব্যৱস্থাটোক অধিক সুদৃঢ় কৰি তোলা হৈছে। কেৱল প্ৰকৃত হিতাধিকাৰীয়ে যাতে এই সুবিধা লাভ কৰে আৰু কোনো ধৰণৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে আধাৰভিত্তিক ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিত নামভৰ্তি আৰু অভিযোগ নিষ্পত্তিৰ সহায়ক হোৱাকৈ ‘অৰুণোদয় সাৰথি’ নিয়োজিত কৰাৰ ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, এই আঁচনিখনৰ জৰিয়তে হিতাধিকাৰীসকলে বছৰি লাভ কৰা প্ৰাপ্যৰ বিপৰীতে সৰ্বাধিক ১৫,০০০ টকালৈকে সুদবিহীন ক্ষুদ্র ঋণো ল’ব পাৰিব। ইচ্ছুক লাভাৰ্থীসকলে বেংকৰ জৰিয়তেও ঋণ গ্ৰহণ কৰিব পাৰিব আৰু এই ঋণৰ কিস্তিসমূহ ভৱিষ্যতৰ মাহিলি অৰুণোদয়ৰ সাহায্যৰ পৰাই স্বয়ংক্ৰিয়ভাৱে সমন্বিত কৰাৰ সহজ সুব্যৱস্থা ৰখা হৈছে। অনুষ্ঠানত শিঙিমাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দ্ৰজ্যোতি পেগুৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু স্থানীয় হিতাধিকাৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত ১২,৮৪৮ গৰাকী হিতাধিকাৰীক সামৰি লোৱা হৈছে। এই কাৰ্যসূচীৰ আৰম্ভণিতে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়।
নগাঁও জিলাত অৰুণোদয় হিতাধিকাৰী উদ্ধোধনী অনুষ্ঠানত জিলা আয়ুক্ত