স্বাস্থ্য মন্ত্ৰীৰ নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন

ডিজিটেল সেৱা: ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংঘালে আজি নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি ইয়াৰ অৱস্থাৰ বুজ লয়। তেওঁ এই পৰিদৰ্শন কালত চিকিৎসালয়খনৰ স্বাস্থ্যসেৱাৰ গুণগত মান, চিকিৎসা শিক্ষাৰ পৰিৱেশ আৰু চলি থকা উন্নয়নমূলক কামসমূহৰ অগ্ৰগতিৰ সামগ্ৰিক মূল্যায়ন কৰে। মন্ত্ৰী গৰাকীয়ে এই সময়চোৱাত নগাঁও -বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বৰহমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ পঞ্চম কুমাৰ বৰা আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধীক্ষক আৰু জ্যেষ্ঠ চিকিৎসকসকলৰ সৈতে ইয়াৰ চিকিৎসা সেৱাৰ সামগ্ৰিক মান, আন্তঃগাঁথনিৰ উপলব্ধতাকে ধৰি বিভিন্ন দিশৰ পৰ্যালোচনা কৰাৰ লগতে চিকিৎসাধীন ৰোগী আৰু ৰোগীৰ অভিভাৱকসকলৰ সৈতেও মত-বিনিময় কৰি তেওঁলোকৰ অভিজ্ঞতা, সমস্যাসমূহ আৰু চিকিৎসাসেৱা সম্পৰ্কে বুজ লয়। ৰোগীসকলে যাতে সময়মতে উন্নত, মানসম্পন্ন আৰু সুলভ স্বাস্থ্যসেৱা লাভ কৰে, সেইটো নিশ্চিত কৰিবলৈ তেওঁ চিকিৎসালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

Related Articles