ডিজিটেল সেৱা, ৰহা : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰহাৰ কমাৰজান গাঁৱৰ সুৰেন পাটৰৰ সুলভ মূল্যৰ দোকানৰ প্ৰাঙ্গণত আয়োজিত এক কাৰ্যসূচীত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলৰ বাবে ৰাজ্যতে সুলভ মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণ আঁচনিৰ পুনৰাম্ভণি কৰে। উল্লেখ্য যে, আঁচনিখনৰ পুনৰাম্ভণি হোৱাৰ পিছত হিতাধিকাৰীসকলে প্ৰতি কিলোগ্ৰাম মচুৰ দাইল ৭০ টকা আৰু চেনি ৬০ টকাত লাভ কৰিব।

বিনামূলীয়া চাউলৰ লগতে সুলভ মূল্যত মচুৰ দাইল আৰু চেনিৰ যোগানে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালসমূহৰ পুষ্টিগত সুৰক্ষা সুনিশ্চিত কৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা লব। এই আঁচনিৰ জৰিয়তে সমগ্ৰ অসমত ৯০ লাখৰো অধিক পৰিয়ালৰ প্ৰায় ২,৮৪,১,৬৪৫ গৰাকী ব্যক্তি উপকৃত হ’ব। নগাঁও জিলাৰ ৩,৮৫,২৯৯ টা পৰিয়ালৰ ১৫,৮৩,০৮০ গৰাকী ব্যক্তিকেই এই আঁচনিয়ে সামৰি ল’ব। ৰহা সমষ্টিৰ ৬২,৬২৪ টা পৰিয়ালৰ ২.৩৬ লাখ গৰাকী ব্যক্তি আঁচনিখনৰ পৰা উপকৃত হ’ব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে বিধানসভা নিৰ্বাচনৰ পিছত বাজেট অধিৱেশন নোহোৱালৈকে পূৰ্বৰ চৰকাৰে গ্ৰহণ কৰা প্ৰায়বোৰ আঁচনি বন্ধ হৈ আছিল। জুলাই মাহত বাজেট গৃহীত হোৱাৰ পিছত ১ আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ’ল।

৬ আগষ্টৰ পৰা মুখ্যমন্ত্ৰী নিযুত মইনা আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ কৰা হৈছে। আজি ৰহা সমষ্টিৰ পৰা সুলভ মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণৰ আঁচনিও পুনৰ আৰম্ভ হৈছে। উজনিৰ বান পৰিস্থিতিৰ বাবে এই অনুষ্ঠান অনুষ্টপীয়াকৈ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় কাৰিকৰী অসুবিধাৰ বাবে সদ্যহতে নিমখ দিয়া হোৱা নাই যদিও কিছুদিনৰ ভিতৰতে সুলভ মূল্যত নিমখ যোগান ধৰা হব। তেওঁ কয় যে প্ৰতি মাহৰ ১ৰ পৰা ১০ তাৰিখৰ ভিতৰত পালন কৰা অন্ন সেৱা সপ্তাহত বিনামূলীয়া চাউল লাভ কৰাৰ লগতে সুলভ মূল্যত দাইল আৰু চেনি ক্ৰয় কৰিব পাৰিব।

বিধানসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি সুলভ মূল্যত মিঠাতেল দিয়াৰ বাবে চৰকাৰে পদক্ষেপ ল’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। তেওঁ লগতে অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি যোৱা পৰিয়ালসমূহক আঁচনিখনত অন্তৰ্ভুক্ত কৰাৰ বাবে কাম আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে। উজনি অসমত হোৱা প্ৰলয়কাৰী বান পৰিস্থিতিৰ মোকাবিলা কৰাত চৰকাৰখন ব্যস্ত থকা হেতুকে বহু কাম স্থবিৰ হৈ পৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বান পৰিস্থিতি এতিয়া উন্নত হৈছে আৰু সেয়ে চৰকাৰে ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰাকৈ জনকল্যাণমূলক কাম-কাজসমূহ আগুৱাই লৈ যাব।ৰাইজক সুলভ মূল্যত দাইল, চেনি আৰু নিমখ যোগান আঁচনিখনৰ ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানসমূহক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে।

ৰাইজৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ৰূপায়ন কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে অনাগত দিনত ৰাজ্যৰ দুখীয়া ৰাইজক ইয়াতকৈও বেছি সহায় কৰিবলৈ চৰকাৰ যত্নৱান হ’ব। তেওঁ ৰহা সমষ্টিৰ উন্নয়নৰ বাবে অনাগত ৫ বছৰত বহুখিনি কাম হাতত লোৱাৰ আশ্বাস দিয়ে।সভাত কৃষি আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, বিধায়ক শশীকান্ত দাস, ৰূপক শৰ্মা, জিতু গোস্বামী প্ৰমুখ্যে কেইবাগৰাকী জনপ্ৰতিনিধি, বিশিষ্ট ব্যক্তি আৰু উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।