১৫০ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত তলা, লোকপিয়লৰ দায়িত্বত দুজন, অনুপস্থিত এজন শিক্ষক

জমিৰ উদ্দিন তালুকদাৰ, ডবকা

হোজাই জিলাৰ লংকা শিক্ষা খণ্ডৰ অধীনস্থ নূৰ নগৰ প্ৰাথমিক বিদ্যালয়ত আজি সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। প্ৰায় ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়খনত মুঠ তিনিগৰাকী শিক্ষক থাকিলেও শৈক্ষিক পৰিৱেশ ব্যাহত হৈ পৰিছে শিক্ষকৰ সংকটত। অভিযোগ অনুসৰি, বিদ্যালয়খনৰ শিক্ষক গিয়াছ উদ্দিনে বছৰ বছৰ ধৰি নিয়মীয়াকৈ বিদ্যালয়ত উপস্থিত নাথাকে। তেওঁ মৌলানা বদৰুদ্দিন আজমলৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ত পাঠদানত ব্যস্ত থকাৰ অভিযোগ উত্থাপিত হৈছে। ফলত বিদ্যালয়খনৰ শিক্ষাৰ দায়িত্ব মূলতঃ আন দুগৰাকী শিক্ষকৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল। ইয়াৰ মাজতে আজিৰ পৰা আৰম্ভ হোৱা লোকপিয়লৰ কামত বিদ্যালয়খনৰ বাকী থকা দুগৰাকী শিক্ষককো জিলা প্ৰশাসনে নিয়োজিত কৰে। ফলত ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ দায়িত্ব ল’বলৈ বিদ্যালয়খনত কোনো শিক্ষকেই নাথাকে। আজি পুৱা ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ গেটত তলা ওলমি থকা দেখা পায়। শিক্ষক-কৰ্মচাৰী কোনোজনেই উপস্থিত নথকাত হতাশ হৈ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যাবলগীয়া হয়। এই ঘটনাই বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতক লৈ অভিভাৱকসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্ত হৈ থকা কোনো এজন শিক্ষকে যদি দীৰ্ঘদিন বিদ্যালয়ত অনুপস্থিত থাকি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত পাঠদান কৰাৰ অভিযোগ সঁচা হয়, তেন্তে বিষয়টো শিক্ষা বিভাগে গুৰুত্বসহকাৰে তদন্ত কৰাৰ দাবী উত্থাপিত হৈছে। ইপিনে, লোকপিয়লৰ দৰে চৰকাৰী কামত শিক্ষকক নিয়োজিত কৰাৰ ফলত বিদ্যালয়ত পাঠদান বন্ধ হৈ পৰাৰ বিষয়টোও চৰকাৰ আৰু জিলা প্ৰশাসনে কেনেদৰে সমাধান কৰে, সেয়া লক্ষ্যণীয় হ’ব। ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় এখনত শিক্ষক নথকাৰ বাবে আজি ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ আহিও পাঠদান নোপোৱাকৈ উভতি যাবলগীয়া হোৱা ঘটনাই চৰকাৰী বিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থাপনাক লৈ নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে।

Related Articles