ডিজিটেল সেৱা, নগাঁও: ৯ নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন সম্পূৰ্ণ মুক্ত, নিকা, স্বচ্ছ আৰু শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত কৰাৰ উদ্দেশ্যে নগাঁও জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে৷ এই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো ত্ৰুটিমুক্তভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে আজি জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াই নিৰ্বাচনত ষ্ট্ৰং ৰোম তথা গণনা কেন্দ্ৰ হিচাপে ব্যৱহাৰ হ’বলগীয়া দুয়োখন শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি পৰিস্থিতি আৰু প্ৰস্তুতিৰ বুজ লয়।

জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ ঐতিহ্যমণ্ডিত চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উপস্থিত হৈ ইয়াৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন উদ্দেশ্যত নিৰ্মাণ কৰি থকা কক্ষ সমূহৰ কামৰ অগ্ৰগতিৰ বুজ লয়। বিশেষকৈ নিৰ্বাচনী সামগ্ৰী বিতৰণ কেন্দ্র, ভোটগ্ৰহণ অন্ত পৰাৰ পিছত নথি-পত্ৰ আৰু ই.ভি.এম. জমা লোৱা কেন্দ্ৰ আৰু সুৰক্ষিতভাৱে ই.ভি.এম.ৰখাৰ বাবে প্ৰস্তুত কৰা ‘ষ্ট্ৰং ৰুম’ ৰ উপৰি অন্যান্য প্ৰশাসনিক কোঠাসমূহৰ আন্তঃগাঁথনি প্ৰস্তুতিৰ বিশদ পুনৰীক্ষণ কৰে। নিৰ্বাচনৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ বা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে কেন্দ্ৰসমূহত হাতত লোৱা সুৰক্ষা ব্যৱস্থাসমূহ আয়ুক্তগৰাকীয়ে অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰে।

ইয়াৰ উপৰিও নিৰ্বাচন পৰিচালনাৰ সৈতে জড়িত কৰ্তব্যৰত নিৰ্বাচনী কৰ্মীসকলৰ বাবে প্ৰয়োজনীয় খোৱাপানী, পোহৰ, শৌচাগাৰ আৰু জৰুৰী চিকিৎসাৰ দৰে আনুষংগিক সা-সুবিধাসমূহ ক্ৰুটিহীনভাৱে গঢ়ি তুলিবলৈ তেওঁ সংশ্লিষ্ট বিভাগসমূহক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে। এই পৰিদৰ্শন কালত, অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী গগৈ প্ৰমুখ্যে নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে গঠিত নিৰ্মাণ কোষৰ সংশ্লিষ্ট বিষয়া আৰু কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে, নগাঁও চহৰৰ এই দুখন বিদ্যালয়তে লোকসভাৰ উপনিৰ্বাচনৰ বাবে ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে। অহা ৫ অক্টোবৰত এই দুটা স্থানৰ পৰাই ইভিএম লৈ ভোটগ্ৰহণকাৰী বিষয়াৰ দল ৰাওনা হ’ব আৰু পিছদিনা ইয়াতে ইভিএমসমূহ জমা দিয়া হ’ব।