যধে-মধে খুলিব নোৱাৰিব ইউটিউব চেনেল

যধে-মধে খুলিব নোৱাৰিব ইউটিউব চেনেল

অদিতি সেৱা: সামাজিক মাধ্যমৰ অপব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হৈছে অষ্ট্ৰেলিয়া চৰকাৰ।এতিয়াৰে পৰা ইউটিউব চেনেল খোলোতে অৱলম্বন কৰিব লাগিব সাৱধানতা । যধে-মধে খুলিব নোৱাৰিব ইউটিউব চেনেল। অষ্ট্ৰেলিয়া চৰকাৰৰ সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অনিকা ৱেলছে সদৰী কৰে যে, এতিয়াৰে পৰা দেশখনৰ ১৬ বছৰৰ তলৰ বসয়ৰ কিশোৰ- কিশোৰীয়ে খুলিব নোৱাৰিব ইউটিউব একাউণ্ট। অৱশ্যে তেওঁলোকে ইউটিউব ব্যৱহাৰ কৰিব পাৰিব।এইখিনিতে এটা কথা … Read more

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

অদিতি সেৱা:অভিনয়, পৰিচালনা, সংগীত, আৰু প্ৰডাকচন আদি বিভিন্ন শাখাত আগবঢ়োৱা ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ১ আগষ্টত ঘোষণা কৰা হয়। নতুন দিল্লীৰ নেছনেল মিডিয়া চেণ্টাৰত সংবাদ মেলৰ জৰিয়তে জুৰীৰ সদস্যসকলে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ঘোষণা অনুসৰি এইবাৰ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেছিয়ে। শ্বাহৰুখ খানক ‘জৱান’ ছবিত কৰা অভিনয়ৰ বাবে এই … Read more

ৰাছিয়াত ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণি

ৰাছিয়াত ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণি

অদিতি সেৱা: ৮.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পই চুই গ’ল ৰাছিয়াৰ কামচাটকাৰ দ্বীপপুঞ্জৰ পূব উপকূল অঞ্চল। বুধবাৰে পুৱাই ৰাছিয়াত ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণি।ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই দেশৰ জনগণৰ লগতে ইয়াৰ উপকন্ঠ অঞ্চলৰ লোকসকলক ছুনামিৰ সতৰ্কবাণী শুনাইছে। জাপান, গুৱাম, হাৱাই, প্ৰশান্ত মহাসাগৰত ৰাছিয়া আৰু আলাস্কাত ছুনামিৰ আশংকা প্ৰকাশ কৰা হৈছে ।ভূমিকম্পটোৰ অভিকেন্দ্ৰ কামচাটকাৰ পূব উপকূলৰ ওচৰত ৫২.৫৬ … Read more

উত্তৰ চীনত বানৰ তাণ্ডৱ: ৪ জনৰ মৃত্যু

উত্তৰ চীনত বানৰ তাণ্ডৱ: ৪ জনৰ মৃত্যু

অদিতি সেৱা: উত্তৰ চীনৰ কেইবাটাও অঞ্চলত হোৱা শেহতীয়া বানৰ তাণ্ডৱে সংহাৰী ৰূপ ধাৰণ কৰিছে । এতিয়ালৈকে বানৰ ফলত ৪ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । আনহাতে, সন্ধানহীন হৈ আছে আন ৮ গৰাকী লোক ।বেইজিঙত চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা প্ৰবল বৰষুণ আৰু বানৰ দ্বিতীয় সৰ্বোচ্চ সতৰ্কবাণী জাৰি কৰিছে । এই মুষলধাৰ বৰষুণ মঙলবাৰে পুৱালৈকে … Read more

জীৱন শৈলীত সৌন্দৰ্যবোধ: দক্ষিন কোৰিয়াত বিৰল অভিজ্ঞতা

জীৱন শৈলীত সৌন্দৰ্যবোধ: দক্ষিন কোৰিয়াত বিৰল অভিজ্ঞতা

●ড° শৰৎ বৰকটকী আপুনি ধুনীয়া মুখ এখনৰ অধিকাৰী হব বিচাৰে নেকি অথবা বয়সৰ চাপ লুকুৱাব বিচাৰেনেকি ! এনে প্ৰশ্নৰ উত্তৰ বিচাৰিলে ক’ব লাগিব আপুনি দক্ষিন কোৰিয়াৰ উৎপাদিত ছালৰ মলমৰ সন্ধান কৰিব লাগিব। দক্ষিন কোৰিয়ালৈ গৈহে ছালৰ লাবণ্য যে দেশ এখনৰ জাতীয় গৌৰৱৰ প্ৰতীক হব পাৰে সেই কথা বুজি পালোঁ।মানৱ সভ্যতাৰ ইতিহাসত শৰীৰ আৰু মুখৰ ছালৰ … Read more