নগাঁৱৰ যোগ দিৱসত অংশ ল’লে মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মাই

নগাঁৱৰ যোগ দিৱসত অংশ ল’লে মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মাই

ডিজিটেল সেৱা: “যোগাভ্যাসে মানুহৰ মন আৰু প্ৰকৃতিৰ মাজত, আত্মা আৰু পৰামাত্মাৰ মাজত সংযোগ স্থাপন কৰে। সেয়ে যোগাভ্যাসক জীৱন ধাৰণৰ অংশ কৰি ল’ব লাগে।” আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ সহযোগত নগাঁও চহৰৰ আৰক্ষী ছাউনীৰ মুকলি প্ৰেক্ষাগৃহত আয়োজিত জিলাৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ ৰাজহ … Read more

‘কলাগুৰু’ বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি নগাঁও জিলা প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

‘কলাগুৰু’ বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি নগাঁও জিলা প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ডিজিটেল সেৱা, নগাঁও: অসমীয়া সংস্কৃতিৰ পূজাৰী, বিপ্লৱী শিল্পী ‘কলাগুৰু’ বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ পুণ্যতিথিত মহান শিল্পীগৰাকীক নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰাও আজি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। বৰেণ্য শিল্পীগৰাকীক স্মৰণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই বিশেষ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব দীপক জিদুং, জিলা আয়ুক্ত দেৱাশীষ … Read more

নগাঁৱত নীট পৰীক্ষাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক দীপক জিদুংকৰ সৈতে পৰ্যালোচনা

নগাঁৱত নীট পৰীক্ষাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক দীপক জিদুংকৰ সৈতে পৰ্যালোচনা

ডিজিটেল সেৱা: মাজত মাত্ৰ কেইটিমান ঘণ্টাৰ পিছতে কাইলৈ অৰ্থাৎ ২১ জুন, দেওবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’ব দেশৰ চিকিৎসা বিজ্ঞানৰ সৰ্ববৃহৎ প্ৰৱেশ পৰীক্ষা ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক স্তৰ) অৰ্থাৎ নীট (ইউজি) ২০২৬। অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব দীপক জিদুংক এই পৰীক্ষাৰ নগাঁও জিলাৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। … Read more

নগাঁও জিলাৰ ১৪ টা স্থানত একেলগে আৰম্ভ হ’ল জনকল্যান শিবিৰ

নগাঁও জিলাৰ ১৪ টা স্থানত একেলগে আৰম্ভ হ’ল জনকল্যান শিবিৰ

ডিজিটেল সেৱা, নগাঁও : জনসাধাৰণক চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা সহজতে উপলব্ধ কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টি কৰা, জনসাধাৰণৰ ওজৰ-আপত্তি বা অভিযোগৰ ক্ষীপ্ৰ সমাধান কৰা আৰু সকলো জনকল্যাণমূলক সেৱা তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যে আজি ১৮ জুনৰ পৰা নগাঁও জিলাত আৰম্ভ হৈছে তিনিদিনীয়া ‘জনকল্যাণ শিবিৰ, ২০২৬’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলেখ সংখ্যক সুদীৰ্ঘ ১২ … Read more

দেওবাৰে নীট পৰীক্ষা: নগাঁও চহৰত নিয়ন্ত্ৰিত হ’ব যানবাহনৰ চলাচল

দেওবাৰে নীট পৰীক্ষা: নগাঁও চহৰত নিয়ন্ত্ৰিত হ’ব যানবাহনৰ চলাচল

ডিজিটেল সেৱা : অহা ২১ জুন দেওবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক স্তৰ) অৰ্থাৎ নীট ২০২৬ৰ পৰিপ্ৰেক্ষিতত নগাঁও চহৰৰ যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ বিকল্প পথৰ সন্ধান কৰা হৈছে। যিহেতু সুৰক্ষা মূলক ব্যৱস্থা হিচাপে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী অথবা পৰীক্ষাৰ লগত জড়িত ব্যক্তিৰ … Read more

নগাঁও আৰক্ষীৰ অভিযানত ডেৰ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ

নগাঁও আৰক্ষীৰ অভিযানত ডেৰ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ

ডিজিটেল সেৱা: ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। তেনে এক অভিযানৰ মাজতে নগাঁও আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অভিযান চলাই বৰঘাট এলেকাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । জব্দ ড্ৰাগছখিনিৰ মূল্য ডেৰ কোটিৰো অধিক হ’ব বুলি অনুমান কৰা … Read more

জনকল্যান শিবিৰত ৰাইজক অংশগ্ৰহণ কৰিবলৈ নগাঁও জিলা আয়ুক্তৰ আহ্বান

জনকল্যান শিবিৰত ৰাইজক অংশগ্ৰহণ কৰিবলৈ নগাঁও জিলা আয়ুক্তৰ আহ্বান

ডিজিটেল সেৱা: নগাঁও জিলাত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া জনকল্যান শিবিৰ কেবল মাত্ৰ এক নিয়ম-মাফিক কৰিবলগীয়া হোৱা চৰকাৰী কাৰ্যসূচী হিচাপে নলৈ বিষয়াসকলক আন্তৰিকতাৰে জনসেৱাৰ সুযোগ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। জনকল্যান শিবিৰক লৈ আয়োজিত এখন প্ৰস্তুতিমূলক সভাত হোৱা পৰ্যালোচনাৰ অন্তত তেওঁ এই আহ্বান জনাই কয় যে, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কিবা এটা … Read more

সদৌ অসম বাতৰি কাকত সন্থাৰ প্রতিনিধি দলে মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ

সদৌ অসম বাতৰি কাকত সন্থাৰ প্রতিনিধি দলে মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ

ডিজিটেল সেৱা, দিছপুৰ: আজি দিছপুৰ লোকসেৱা ভৱনত সদৌ অসম বাতৰি কাকত সন্থাৰ এটা প্রতিনিধি দলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। প্রতিনিধি দলটোৰ নেতৃত্ব দিয়ে সন্থাৰ সভাপতি ৰাকেশ শৰ্মা আৰু সম্পাদক শংকৰ গোহাঁইৰ লগতে অনিল বৰ্মণে । প্রতিনিধি দলে অসমৰ মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰ কাৰ্যভাৰ গ্রহণ কৰাৰ বাবে মুখ্যমন্ত্রীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। … Read more

নীট পৰীক্ষাৰ সুৰক্ষা ব্যৱস্থাকলৈ তৎপৰ নগাঁও জিলা প্ৰশাসন

নীট পৰীক্ষাৰ সুৰক্ষা ব্যৱস্থাকলৈ তৎপৰ নগাঁও জিলা প্ৰশাসন

ডিজিটেল সেৱা, নগাঁও: আন্তৰ্জাতিক যোগ দিৱসৰ দিনটোতে অহা দেওবাৰ ২১ জুনত দেশৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’বলগীয়া নীট, অৰ্থাৎ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক স্তৰ) ২০২৬ সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। কালি তেওঁ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা আৰু অতিৰিক্ত … Read more

নগাঁও জিলাৰ সকলো উন্নয়ন খণ্ডত ১৮-২০ জুনত জনকল্যান শিবিৰ

নগাঁও জিলাৰ সকলো উন্নয়ন খণ্ডত ১৮-২০ জুনত জনকল্যান শিবিৰ

ডিজিটেল সেৱা, নগাঁও: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলেখ সংখ্যক সুদীৰ্ঘ ১২ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ উপলক্ষে দেশৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো খণ্ড পৰ্যায়ত তিনিদিনীয়া জনসেৱা মূলক কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। সেই অনুসৰি অহা ১৮ ৰ পৰা ২০ জুনলৈ জিলাখনৰ ১৩ টা উন্নয়ন খণ্ডৰ এলেকাৰ প্ৰতিটোতে এটাকৈ তিনি দিনীয়া “জনকল্যাণ শিবিৰ” অনুষ্ঠিত হ’ব য’ত কেন্দ্ৰীয় চৰকাৰ … Read more