এ পি ডি চি এলৰ প্ৰাক্তন কৰ্মচাৰী, লেখিকা জিনা শইকীয়াৰ মৃত্যু

এ পি ডি চি এলৰ প্ৰাক্তন কৰ্মচাৰী, লেখিকা জিনা শইকীয়াৰ মৃত্যু

ডিজিটেল সেৱা : নগাঁও চহৰৰ পানীগাঁও শংকৰ মিছন পথ নিৱাসী অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, সু লেখিকা তথা সংগীত শিল্পী জিনা শইকীয়া(৭২)ৰ কালি নিশা নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে । বিগত কিছু বছৰ ধৰি তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল । নগাঁও ছোৱালী কলেজৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদিকা জিনা শইকীয়া অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত আছিল … Read more

শিশুক শিক্ষাৰ সুস্থ পৰিৱেশ দিয়াটো সামাজিক দায়িত্ব: জিলা আয়ুক্ত

শিশুক শিক্ষাৰ সুস্থ পৰিৱেশ দিয়াটো সামাজিক দায়িত্ব: জিলা আয়ুক্ত

ডিজিটেল সেৱা : “শিশুসকল আমাৰ সমাজৰ ভৱিষ্যত আৰু প্ৰতিটো শিশুৰ বাবে শিক্ষাৰ এক সুস্থ পৰিৱেশ নিশ্চিত কৰাটো আমাৰ এক যৌথ সামাজিক দায়িত্ব” । বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে কালি চামগুৰিত অনুষ্ঠিত জিলা ভিত্তিত এখন সজাগতা সভাত উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই দৰে কয়। নগাঁও জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত, জিলা প্ৰশাসন আৰু … Read more

সমগ্ৰ বিশ্বৰ লগতে নগাঁও জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি

সমগ্ৰ বিশ্বৰ লগতে নগাঁও জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি

ডিজিটেল সেৱা: সমগ্ৰ বিশ্বৰ লগতে অহা ২১ জুনত নগাঁও জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে আয়োজন কৰা হৈছে। সেই অনুসৰি বিগত বছৰ সমূহৰ দৰে এইবেলিও নগাঁও আৰক্ষী ছাউনীত জিলা প্ৰশাসনৰ মূল অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত স্থানীয় বিধায়ক, জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আদিৰ লগতে আন আন বিশিষ্ট অতিথি, স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ লোক, ছাত্ৰ-ছাত্ৰী … Read more

মহিলাৰ বিৰুদ্ধে অপৰাধ ৰোধৰ বাবে নগাঁও জিলা আয়ুক্তৰ তৎপৰতা

মহিলাৰ বিৰুদ্ধে অপৰাধ ৰোধৰ বাবে নগাঁও জিলা আয়ুক্তৰ তৎপৰতা

ডিজিটেল সেৱা, নগাঁও : মহিলাৰ বিৰুদ্ধে যিকোনো হিংসাৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰচলিত আইনী সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টিৰ লগতে প্ৰশাসনিক সষ্টমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। কালি জিলা মহিলা কোষৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰি তেওঁ কয় যে, আজিৰ আধুনিক সমাজতো মহিলা নিপীড়নৰ ঘটনা অতি দুৰ্ভাগ্যজনক। মহিলা সকলৰ … Read more

মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা জিলা আয়ুক্তৰ

মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা জিলা আয়ুক্তৰ

ডিজিটেল সেৱা: নগাঁও জিলাত ‘মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনি’ ৰ প্ৰকল্প ৰূপায়ণ আৰু ধনৰ ব্যৱহাৰ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ সন্দৰ্ভত পৰ্যালোচনাৰ উদ্দেশ্যৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত ‘মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ’ আঁচনিৰ বাবে পুঁজিৰ প্ৰাপ্তি আৰু ব্যৱহাৰ, নতুনকৈ দাখিল কৰা প্ৰকল্পৰ … Read more

পথ-দুৰ্ঘটনা ৰোধৰ উপায় বিচাৰি নগাঁৱৰ ৰাজপথত ডিচি-এছপি

পথ-দুৰ্ঘটনা ৰোধৰ উপায় বিচাৰি নগাঁৱৰ ৰাজপথত ডিচি-এছপি

ডিজিটেল সেৱা, নগাঁও: নগাঁও চহৰৰ দাঁতিকাষৰীয়া অঞ্চলত সংঘটিত হৈ অহা যান-বাহনৰ দুৰ্ঘটনাৰ সমস্যাৰ ওৰ বিচাৰি আজি জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে চহৰৰ লগতে ঘাই পথৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে। আজি তেওঁলোকে নগাঁও চহৰৰ পৰা উৰিয়াগাঁও হৈ উজনি অসমলৈ যোৱা পথৰ সমীপৰ আউনীআটী আৰু নৰ্ত্তম গাঁৱলৈ যোৱা সংযোগকাৰী পথত সৃষ্টি … Read more

কলিয়াবৰ শিলঘাটত বাঘৰ আতংক অঞ্চল পৰিদৰ্শন নগাঁও জিলা আয়ুক্তৰ

কলিয়াবৰ শিলঘাটত বাঘৰ আতংক অঞ্চল পৰিদৰ্শন নগাঁও জিলা আয়ুক্তৰ

ডিজিটেল সেৱা,কলিয়াবৰ: কলিয়াবৰ সম-জিলাৰ অন্তৰ্গত শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা দুটাকৈ ঢেঁকীয়াপতীয়া বাঘ (ৰয়েল বেংগল টাইগাৰ) জনাঞ্চললৈ ওলাই অহাৰ ঘটনাই সম্প্ৰতি কামাখ্যা গাঁও, সোণাৰী গাঁও আৰু কলিয়াবৰ চাহ বাগিচা অঞ্চলৰ ওচৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে বাঘ দুটাৰো সুৰক্ষাৰ স্বাৰ্থত বন বিভাগৰ তৰফৰ পৰা ইতিমধ্যেই সেই অঞ্চলসমূহত বনকৰ্মী মোতায়েন কৰা … Read more

কলিয়াবৰত পথ সুৰক্ষা বিষয়ক সজাগতা সভাত আয়ুক্ত দেৱাশীষ শৰ্মা

কলিয়াবৰত পথ সুৰক্ষা বিষয়ক সজাগতা সভাত আয়ুক্ত দেৱাশীষ শৰ্মা

ডিজিটেল সেৱা,কলিয়াবৰ: যোৱা এমাহত নগাঁও জিলাত সংঘটিত হোৱা ৩৫ টা পথ দুৰ্ঘটনাত ২২ লোকে প্ৰাণ হেৰুৱাইছে। এই উদ্বেগজনক তথ্য সদৰি কৰিছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। কালি কলিয়াবৰত অনুষ্ঠিত পথ সুৰক্ষা বিষয়ক এখন সজাগতা সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, একোটা দুৰ্ঘটনাই এটা বা একাধিক পৰিয়ালৰ জীৱনলৈ ভয়াবহ দুৰ্যোগ কঢ়িয়াই আনে। সেয়ে … Read more

ডা: আনোৱাৰ হুছেইন চৌধুৰীলৈ ড° বি আৰ আম্বেদকাৰ নেচনেল এৱাৰ্ড

ডা: আনোৱাৰ হুছেইন চৌধুৰীলৈ ড° বি আৰ আম্বেদকাৰ নেচনেল এৱাৰ্ড

ডিজিটেল সেৱা: ভাৰতৰ প্ৰায় বিভিন্ন ৰাজ্যৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ মাজত জি এইচ আৰ পি এফ ৰিচাৰ্ড ইনষ্টিটিউটৰ সহযোগত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ বিশেষ অনুষ্ঠানত ২৩ মে’ত নতুন দিল্লীৰ দ্বাৰকা চেক্টৰ ৭ ত অসমৰ হোজাই জিলাৰ অন্তৰ্গত ডবকাৰ এগৰাকী জনপ্ৰিয় চিকিৎসক, স্বাস্থ্য সেৱক তথা মানৱ সেৱাৰ জৰিয়তে পৰিচিত ডা: আনোৱাৰা হুছেইন চৌধুৰীক ‘জি এইচ আৰ পি এফ … Read more

কলিয়াবৰ কামাখ্যা গাঁৱত বাঘৰ প্ৰৱেশক লৈ প্ৰশাসনৰ নিষেধাজ্ঞা

কলিয়াবৰ কামাখ্যা গাঁৱত বাঘৰ প্ৰৱেশক লৈ প্ৰশাসনৰ নিষেধাজ্ঞা

ডিজিটেল সেৱা, কলিয়াবৰ: কলিয়াবৰ সম-জিলাৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা কাষৰীয়া গাঁৱত আজি দুটা ঢেকীয়াপতীয়া বাঘৰ প্ৰৱেশক কেন্দ্ৰ কৰি আৰু ইয়াৰ পৰা মানুহৰ জীৱনৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সম-জিলা প্ৰশাসনৰ তৰফৰ পৰা সতৰ্কতামূলক ব্যৱস্থা হিচাপে উক্ত স্থানত মানুহৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সেই অনুসৰি কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা গাঁও/সোনাৰি গাঁও আৰু ইয়াৰ … Read more