অদিতি সেৱা: মহাপুৰুষ গুৰুজনাৰ সৃষ্ট সাহিত্য, কলা আৰু সংস্কৃতিক বিশ্বদৰবাৰলৈ উন্নীত কৰাৰ অহোপুৰুষাৰ্থত নিৰন্তৰ নিয়োজিত সদৌ অসম সত্ৰ মহাসভাই অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সম্প্ৰীতিৰ পবিত্ৰ বাৰ্তা বিলাই প্ৰতি বছৰে আয়োজন কৰি আহিছে ‘সেতুবন্ধন সমাৰোহ’। এইবাৰ শোণিতপুৰ জিলাৰ আতিথ্যত শ্বহীদ নগৰী ঢেকীয়াজুলিত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সমাৰোহত সম্বৰ্ধিত হৈছে নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।

গুৰুজনাৰ সংস্কৃতিক সুসংগঠিত ৰূপত জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ অদম্য হেঁপাহেৰে নিৰলস কৰ্তব্যপৰায়ণতা, সংগীত শিল্পী হিচাপে সৃজনী প্ৰতিভা, বিচক্ষণতাৰে চৰকাৰী দায়িত্ব পালনৰ উপৰিও মানৱদৰদী মনৰ অধিকাৰী এইগৰাকী বিষয়াক সত্ৰ মহাসভাই সমাৰোহৰ প্ৰথম দিনাই আনুষ্ঠানিক সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি ভাষণ প্ৰসংগত সদৌ অসম সত্ৰ মহাসভাক অন্তিৰক কৃতজ্ঞতা জ্ঞাপন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।