দুটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন বিধায়ক মৌলানা বদৰুদ্দিন আজমলৰ

জমিৰ উদ্দিন তালুকদাৰ

বিন্নাকান্দি সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মৌলানা বদৰুদ্দিন আজমল গৃহ সমষ্টিৰ উন্নয়নমূলক কাম-কাজক লৈ তৎপৰ হৈ পৰিছে৷ আজি সমষ্টিটোৰ দুটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সমষ্টিত ৰূপায়ন হৈ থকা বিভিন্ন উন্নয়নমূলক কামক লৈ জিলা আয়ুক্তৰ লগত এক বৈঠকত মিলিত হয় বিধায়ক আজমল ৷ আজি বিধায়ক গৰাকীয়ে বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত ইছলাম নগৰৰ পৰা আলি নগৰলৈ যোৱা পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিধায়ক আজমলে ২০২৫-২৬ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত পূৱ জাৰুণী (গনিপুৰ) বজাৰৰ পৰা উদমাৰী গাঁৱলৈ যোৱা পথৰ আধাৰশিলা স্থাপন কৰি কামৰ উদ্বোধন কৰে৷ তাৰ মাজতে বিধায়ক গৰাকী নীলবাগানস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় পৰিচালনা সমিতি আৰু ডবকা চিকিৎসালয় পৰিচালনা সমিতিৰ সৈতে বৈঠকত মিলিত হৈ সমস্যাৰ বুজ লয়৷

Related Articles