ডিজিটেল সেৱা, নগাঁও : সদৌ অসম ভুমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ নগাঁও জিলা শাখাৰ উদ্যোগত আজি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এইবাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্তীৰ্ণ হোৱা নগাঁও সদৰ ,কলিয়াবৰ ,চামগুৰি ,কামপুৰ ,ধিং ,ৰূপহী, ৰহা ৰাজহ চক্ৰত কৰ্মৰত ভুমিলেখ্য কৰ্মচাৰীৰ সন্তান সকলক আজি অভিনন্দন জনোৱা হয়। সন্মিলনী নগাঁও শাখাৰ সভাপতি বিশ্বজিৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কামপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ড :কুশল টাইডে শিক্ষাৰ্থী সকলক উদ্দেশ্য কৰি কয় যে বৰ্তমান সময়ত শিক্ষাৰ্থী সকল প্ৰতিযোগিতাৰ দৃষ্টিভংগীৰে নিজক প্ৰতিষ্ঠা কৰাৰ কৰ্মত ব্ৰতী হব লাগিব। ইয়াৰ বাবে শিক্ষাৰ্থী সকলক প্ৰয়োজন হব সঠিক পথৰ সন্ধান। এই পথৰ সন্ধান দিব পাৰে শিক্ষক- অভিভাৱকে। শিক্ষাৰ্থী সকলক নিজকে উপযুক্ত নাগৰিক হিচাবে গঢ়ি তুলি নিজৰ লগতে সমাজৰ বিকাশৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ড: টাইডে। নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়া বনদ্বীপ ৰাভাই ছাত্র – ছাত্ৰী সকলক এতিয়াতকৈ কঠোৰ পৰিশ্ৰম কৰিলেহে সফলতা লাভ কৰিব পাৰিব বুলি মন্তব্য কৰে। সন্মিলনীৰ নগাঁও শাখাৰ সাধাৰণ সম্পাদক জয়দেৱ ভুঞাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত জ্যেষ্ঠ সাংবাদিক মুৰুলী বৰুৱা কয় – শিক্ষাৰ পৰিসৰ হ’ল ব্যক্তিৰ সৰ্বাঙ্গীন বিকাশ (All-round Development)—যাৰ জৰিয়তে এজন ছাত্ৰই নিজকে এজন আদৰ্শ, দক্ষ আৰু সমাজ সচেতন নাগৰিক হিচাপে গঢ়ি তুলিব পাৰিব লাগে । কিন্তু বাস্তৱত সেয়া হৈ নুঠে । এই ক্ষেত্ৰত ছাত্র ছাত্ৰী সকলৰ প্ৰতি অভিভাৱক, শিক্ষক আৰু সমাজৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আৰু ভূমিকা থাকে’ । সভা খনত ভূমিলেখ্য কৰ্মচাৰী সন্মিলনৰ নগাঁও শাখাৰ উপদেষ্টা গুণাৰাম বনিয়া ,প্ৰেমকান্ত হাজৰিকা, অসম ভুমিলেখ্য কৰ্মচাৰী সন্মিলনৰ সহকাৰী সম্পাদক হৰেন দলেৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । পাপু কলিতাই আতধৰা অনুষ্ঠানত মিনা পাটগিৰিয়ে
পৰিবেশন কৰা এটি বৰগীতৰে শুভাৰম্ভ কৰে অনুষ্ঠানটি। সভাত নগাঁও জিলাৰ ভুমিলেখ্য কৰ্মচাৰী সকলৰ ২৩ গৰাকী কৃত্ৰিমান শিক্ষাৰ্থীক গামোচা ,শৰাই ,স্মাৰক আৰু গ্ৰন্থৰে অভিনন্দন জনোৱা হয়। শলাগৰ শৰাই আগবঢ়াই সন্মিলনীৰ ক্ষীৰোদ হাজৰিকাই ।
নগাঁও জিলা ভুমিলেখ্য কৰ্মচাৰী সন্মিলনৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক অভিনন্দন