ডিজিটেল সেৱা, কঠিয়াতলি: ৰাজ্যৰ কৃষিমন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও জিলা ভ্ৰমণ কৰি কৃষি বিভাগৰ দ্বাৰা আয়োজিত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পোন প্ৰথমতে তেওঁ নগাঁও জিলাৰ ননৈ কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত কঠীয়াতলীত আয়োজিত এটি কৃষক পঞ্জীয়ন শিবিৰ পৰিদৰ্শন কৰি চলি থকা পঞ্জীয়ন সম্পৰ্কে বুজ লয়।

উপস্থিত কৃষকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কৃষক পঞ্জীয়নৰ প্ৰয়োজন সম্পৰ্কে কৃষকসকলক অৱগত কৰে। ইয়াৰ পিছত তেওঁ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ সৈতে কঠীয়াতলীস্থিত ১০০ বিঘা মাটিত নিৰ্মাণৰত উদ্যান শস্যৰ বিশেষ বাগিচা পৰিদৰ্শন কৰে আৰু কামৰ অগ্ৰগতিৰ বুজ লয়।

ইয়াৰোপৰি নগাঁও জিলাত জলসিঞ্চনৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱা তথা বিভাগীয় কৰ্তৃপক্ষ লগত পৰ্যালোচনা কৰে। তেওঁ নগাঁও জিলা কৃষি বিভাগ আৰু নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ননৈ কৃষি চক্রৰ অন্তৰ্গত বৰকছাৰী গাঁৱত বিধায়ক, বিভাগীয় বিষয়ববীয়া তথা কৃষক ৰাইজৰ উপস্থিতিত নাৰিকলৰ পুলি ৰোপণ কাৰ্যসূচীতো অংশ লয়।

মন্ত্ৰী গৰাকীয়ে বিধায়ক জিতু গোস্বামী, জিলা আয়ুক্ত, জিলা কৃষি বিষয়াৰ লগতে কৃষক ৰাইজৰ সৈতে একেলগে কন্দলিৰ বৰকছাৰী গাঁৱৰ পথাৰত নামি টেক্টৰ চলোৱাৰ লগতে ভূঁই ৰোৱাতো অংশগ্ৰহণ কৰে।