শংকৰদেৱৰ জন্মস্থানৰ আকৰ্ষণ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ

ডিজিটেল সেৱা: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা সমগ্ৰ পথছোৱাক নান্দনিক ৰূপ দিয়াৰ বাবে এক নৱতম সেউজ পদক্ষেপ হিচাপে নগাঁও চহৰৰ পৰা ঐতিহাসিক বটদ্ৰৱা ধাম পৰ্যন্ত পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি এক সুন্দৰ, শীতল আৰু প্ৰকৃতি-অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই পথচোৱাৰ পৰিৱেশ সুৰক্ষাৰ লগতে যাত্ৰাপথৰ সৌন্দৰ্য বৰ্ধনৰ উদ্দেশ্যেৰে ইয়াত শাৰী শাৰীকৈ কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ, সোণাৰু আৰু নাহৰৰ দৰে আমাৰ থলুৱা তথা মনোমোহা গছসমূহ ৰোপণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

খাগৰিজান উন্নয়ন খণ্ডৰ সৌজন্যত আয়োজিত এই অভিলাষী কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। বটদ্ৰৱাৰ শান্তিজান বজাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া নিজৰ ভাষণত বিধায়ক শৰ্মাই এই সেউজ পদক্ষেপৰ গুৰুত্ব ওপৰত আলোকপাত কৰে। তেওঁ কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থানলৈ অহা ভক্ত আৰু পৰ্যটকসকলক এক আধ্যাত্মিক তথা প্ৰাকৃতিকভাৱে মায়াময় পৰিৱেশ উপহাৰ দিয়াটো আমাৰ কৰ্তব্য। এই বৃক্ষৰোপণ অভিযানে কেৱল পথছোৱাৰ সৌন্দৰ্যই বৰ্ধন নকৰে, বৰঞ্চ অঞ্চলটোৰ পৰিৱেশ সুৰক্ষাতো এক বৈপ্লৱিক ভূমিকা গ্ৰহণ কৰিব।

তেখেতে স্থানীয় ৰাইজক এই গছপুলিবোৰ নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰিবলৈ আহ্বান জনায়। জিলা আয়ুক্ত‌ই তেওঁৰ ভাষণত কয় যে, গোলকীয় উষ্ণতা বৃদ্ধিৰ এই সময়ত এনেধৰণৰ সেউজ প্ৰকল্পৰ প্ৰাসংগিকতা অতি বেছি। থলুৱা গছ-গছনিৰে পথছোৱা সজাই তুলিলে পৰিৱেশৰ সন্তুলন ৰক্ষা পৰাৰ লগতে বাটচ’ৰাটোৱে এক স্বকীয় অসমীয়া ঐতিহ্য বহন কৰিব। তেখেতে বিভিন্ন বিভাগ আৰু স্থানীয় আত্মসহায়ক গোটসমূহক এই কাৰ্যত সক্ৰিয়ভাৱে জড়িত হোৱাৰ বাবে আহ্বান জনায়। এই পদক্ষেপৰ ফলত ভৱিষ্যতে এই পথছোৱা প্ৰতিগৰাকী তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে অত্যন্ত আকৰ্ষণীয় হৈ পৰিব বুলি আশা কৰা হৈছে।

আজিৰ এই কাৰ্যসূচীত জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলী হাজৰিকা, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, নগাঁও বন সংমাণ্ডলিক বিষয়া সুহাস কদম, খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰাণজিৎ দত্ত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নগাঁও জিলা প্ৰকল্প পৰিচালক শংখপ্ৰবাল শ্যাণ্ডিল্য, বিশিষ্ট সমাজকৰ্মী সুৰ্বণ সিং, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়া সকল, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিষয়ববীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল, বিভিন্ন বিভাগৰ বিষয়-ববীয়া, পঞ্চায়তৰ প্ৰতিনিধি সকল, আত্মসহায়ক গোটৰ সদস্যা সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Related Articles