ডিজিটেল সেৱা: আজি উদমাৰি অঞ্চলত এক গম্ভীৰ আৰু মৰমময় পৰিৱেশত এজন বিশিষ্ট শিক্ষক আব্দুছ ছাত্তাৰ মহোদয়ৰ বিদায় সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। দীৰ্ঘ প্ৰায় ৪১ বছৰ ধৰি মধ্য উদমাৰি মোক্তাৱ স্কুলৰ শিক্ষা ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়োৱা এই গৰাকী শিক্ষকৰ অৱসৰ উপলক্ষে অঞ্চলবাসীয়ে গভীৰ শ্ৰদ্ধাৰে তেওঁক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।প্ৰাক্তন ছাত্ৰ তৈয়াবুৰ ৰহমানৰ সভপতিত্বত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্দ্ধনা সভাত উপস্থিত বিভিন্নঅনুষ্ঠান-প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ বক্তব্যত শিক্ষকৰ নিষ্ঠা, সততা আৰু সমাজ গঢ়াৰ ক্ষেত্ৰত তেওঁৰ অনন্য অৱদানৰ কথা উল্লেখ কৰি গভীৰ শোক প্ৰকাশ কৰে আৰু আগন্তুক জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।উল্লেখযোগ্যভাৱে, ইউনিটেৰিয়ান জাতীয় বিদ্যালয়, শঙ্কৰ আজান বিদ্যাপীঠ, উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, স্থানীয় মছজিদ কমিটি, মাদ্ৰাছা কমিটি আৰু বজাৰ কমিটিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি ফুলাম গামোছা, সম্বৰ্দ্ধনা পত্ৰ আৰু উপহাৰ প্ৰদান কৰি তেওঁক সন্মান জনায়। বক্তাসকলৰ মতে, শিক্ষকজন কেৱল এজন শিক্ষকৰূপে নহয়, সমাজৰ এজন পথপ্ৰদৰ্শক হিচাপে সদায় স্মৰণীয় হৈ থাকিব। তেওঁ গঢ়ি তোলা অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰি আছে, যি তেওঁৰ কৰ্মজীৱনৰ এক উল্লেখযোগ্য দিশ। অনুষ্ঠানত ফজলুল হক মৰল, প্ৰাক্তন অধ্যক্ষ, উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাহগুৰি ক্লাষ্টাৰৰ CRCC ইমৰান হুছেইন, ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলাম, শঙ্কৰ আজান বিদ্যাপীঠৰ অধ্যক্ষ আব্দুৰ ৰহিম, মাহগুৰি জনজাতি স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী উপস্হিত থাকাৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক, স্থানীয় গণ্যমান্য ব্যক্তি আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ উপস্থিতিয়ে পৰিৱেশটো অধিক আবেগময় কৰি তোলে। সভাৰ অন্তত সকলোৰে পক্ষৰ পৰা তেওঁৰ সুস্বাস্থ্য, শান্তিপূৰ্ণ আৰু সুখময় অৱসৰ জীৱন কামনা কৰা হয়।
৪১ বছৰ শিক্ষকতা কৰা শিক্ষক আব্দুছ ছাত্তাৰৰ বিদায় সভা