●মুৰুলী বৰুৱা●
বিগত এটা দশকত বিশ্ববাসিৰ মাজত এটা বহুলভাৱে চৰ্চিত বিষয় হৈছে গোলকীয় উষ্ণতা । এটা দশকৰ পূৰ্বে এই বিষয়টোৱে যিদৰে চৰ্চা লাভ কৰিছিল বা গুৰুত্ব পাইছিল সময় বাগৰাৰ লগে লগে বিষয়টোৱে বিশ্ববাসীৰ মাজত পূৰ্বৰ তুলনাত অধিক চৰ্চিত হবলৈ ধৰিছে । কাৰণ এই গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱে ক্ৰমান্বয়ে গ্ৰাস কৰিবলৈ ধৰিছে সমগ্ৰ বিশ্বৰ জীৱকুল তথা জৈৱ বৈচিত্ৰ্যক ।গোলকীয় উষ্ণতা বুলি কলে সাধাৰণতে পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতাক বুজোৱা হয় ।সেয়ে পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি পোৱা অৱস্থাটোক গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয় । সাম্প্ৰতিক সময়ত প্ৰাকৃতিক তথা মানুহৰ বহু অবিবেচকী ক্ৰিয়া-কলাপৰ ফলত বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠত যি উত্তাপ বৃদ্ধি পাইছে তাক ‘গোলকীয় উষ্ণতা বৃদ্ধি’ বুলি কোৱা হয়। গোলকীয় উষ্ণতা বৃদ্ধিয়ে সাম্প্ৰতিক বিশ্বত এক ভয়াবহ সমস্যা ৰূপে দেখা দিছে । ব্যাপক হাৰত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰা এই উষ্ণতাই আমাৰ পৰিৱেশৰ ওপৰত অতি ভয়ংকৰ বিৰূপ প্ৰভাৱ পেলাই জীৱ জগতৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।বিজ্ঞানীসকলৰ মতে বিগত পাচটা দশকত পৃথিৱী পৃষ্ঠৰ উষ্ণতা অতি দ্ৰুত গতিত বৃদ্ধি পাই আছে । গোলকীয় উষ্ণতা বৃদ্ধিৰ অন্যতম কাৰক হিচাপে বিজ্ঞানীসকলে কেইবাটাও তথ্য আগবঢ়াইছে । তাৰ ভিতৰত অতি বিশেষ ভাৱে চৰ্চিত কাৰক কেইটাৰ এটা প্ৰধান কাৰক হৈছে বায়ুমণ্ডলত
কাৰ্বন-ডাই অক্সাইডৰ পৰিমান বৃদ্ধি । বায়ুমণ্ডত থকা কাৰ্বন-ডাই অক্সাইডেও তাপ শোষণ কৰে। বায়ুমণ্ডলত কাৰ্বন-ডাই অক্সাইডৰ পৰিমাণ যিমানে বৃদ্ধি পায় সিমানে ভূপৃষ্ঠৰ উত্তাপ বাঢ়ি যায়। ভূপৃষ্ঠত আগ্নেগিৰিৰ উদ্গীৰণ, মটৰ-গাড়ী, কল-কাৰখানা আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱা, ছাই বায়ুমণ্ডলৰ লগত মিহলি হৈ বায়ুত কাৰ্বন-ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰি গোলকীয় উষ্ণতা বৃদ্ধিত ইন্ধন যোগায়। ঠিক তেনেকৈ বায়ুমণ্ডলত থকা অ’জন গেছেও সূৰ্যৰ পৰা অহা অৱলোহিত ৰশ্মি শোষণ কৰি গোলকীয় উত্তাপ বৃদ্ধি কৰে। সম্প্ৰতি বিজ্ঞানীসকলে প্ৰমাণ পাইছে যে টি ভি, কম্পিউটাৰ আদি অহৰহ চলি থকা সময়তো বন্ধ কোঠাত অ’জন গেছ উৎপন্ন হব পাৰে । ইয়াৰ উপৰিও নাইলনৰ সামগ্ৰী তথা বয়-বস্তু, কয়লাৰ দহন, নাইট্ৰজেনযুক্ত সাৰ আদিৰ উৎসৰ পৰা নাইট্ৰাছ অক্সাইড উৎপন্ন হয়। ইয়াৰ অণুয়ে তাপ শোষণ কৰি গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগায় বুলি বিজ্ঞানী সকলে বাখ্যা কৰিছে । মুঠতে গোলকীয় উষ্ণতা বৃদ্ধিৰ
ফলত এতিয়া মেৰু অঞ্চলৰ বিশাল বৰফস্তুপৰ গলন আৰম্ভ হৈছে। বিজ্ঞানীসকলে সমীক্ষাত প্ৰকাশ কৰিছে যে বায়ুমণ্ডলৰ উত্তাপ ২-৩ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফস্তুপবোৰ গলি যাব। ফলত সমুদ্ৰ পৃষ্ঠ ওপৰলৈ উঠি আহিব। তেনে অৱস্থাত সাগৰ-মহাসাগৰত থকা বহু দ্বীপৰ লগতে বাংলাদেশ, ব্রহ্মদেশ, নিউজিলেণ্ড আদি দেশ পানীৰ তলত ডুব যাব। ফলত মানৱ জাতিলৈ নামি আহিব চৰম দুৰ্যোগ । এই উষ্ণতা বৃদ্ধিৰ ফলত পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন হ’ব। যিটো ইতিমধ্যে আৰম্ভ হবলৈ ধৰিছে । জলবায়ুৰ পৰিৱৰ্তন হ’লে কোনে কোনো ঠাইত বৃষ্টিপাতৰ পৰিমাণ যঠেষ্ট বৃদ্ধি হ’ব আৰু কোনো কোনো ঠাই অনাবৃষ্টিৰ ফলত মৰুভূমিত পৰিণত হ’ব।অভাৱনীয় হাৰত বৃদ্ধি পাব তাপ প্ৰবাহ । ফলত মানুহৰ লগতে মৃত্যু মুখত পৰিব জীৱকুল। যিটো প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । ভাৰতবৰ্ষত অত্যাধিক গৰমৰ প্ৰকোপত বিহাৰ ,উত্তৰ প্ৰদেশ আদি ৰাজ্যত ইতিমধ্যে বহু মানুহৰ মৃত্যুৰ বাতৰি আহিবলৈ ধৰিছে । এই গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই খাদ্য শস্য উৎপাদনৰ পৰিমাণ হ্রাস পাব। ফলত মানৱ জাতি ভয়ংকৰ খাদ্য সংকটত পৰিব। এয়াও ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে । কাৰ্বন-ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, অ’জন গেছ আদিৰ পৰিমাণ বৃদ্ধিয়ে স্বাভাৱিকতেই বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ্রাস পাব। ফলত প্ৰাণী জগতৰ অস্তিত্বতৰ প্ৰতি আহি পৰিব ভয়ংকৰ ভাবুকি। এতিয়া বিশ্ববাসীৰ সন্মুখত দেখা দিয়া এই ভয়াবহ বিপদটোৰ পৰা জীৱ জগত তথা প্ৰকৃতি কেনেকৈ বাছি থাকিব সেয়া হৈছে ডাঙৰ প্ৰশ্ন । অপ্ৰিয় হলেও সত্য যে পৃথিৱীয়ে সন্মোখিন হোৱা এই ভয়াবহ সমস্যাটোৰ বাবে প্ৰকৃতিতকৈ মানৱ জাতিয়েই প্ৰধানত বেছি দায়ী। মানৱ জাতিৰ অবিবেচকী কাৰ্যকলাপৰ বাবেই গোলকীয় উষ্ণতা দ্ৰুত গতিত বৃদ্ধি পাই আছে। সেয়ে অতিশীঘ্ৰে ইয়াক ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বায়ুমণ্ডলত অক্সিজেন আৰু বৰষুণৰ পৰিমাণ বৃদ্ধিৰ বাবে অধিক গছ-গছনি ৰোপন কৰিব লাগিব আৰু বনাঞ্চলৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন হব লাগিব । ব্যাপক হাৰত বনাঞ্চল সৃষ্টি কৰিব লাগিব মানুহে । ঠিক তেনেকৈ
ধোঁৱা নিৰ্গত হোৱা যান-বাহনৰ ব্যৱহাৰৰ পৰিমান হ্রাস কৰিব লাগিব । মুঠতে পৰিৱেশ অনুকূল বিকল্প ইন্ধনৰ আৱিষ্কাৰ কৰিব লাগিব মানৱ জাতিয়ে কল-কাৰখানাৰ ব্যৱহাৰ সীমিত কৰিব লাগিব। উন্নয়নৰ নামত প্ৰকৃতি পৰম্পৰা বন্ধ কৰিব লাগিব ।আণৱিক বিস্ফুৰণ সম্পূৰ্ণ ৰূপে বন্ধ কৰিব লাগিব।খেতি-পথাৰত ৰাসায়নিক সাৰৰ প্ৰয়োগ বন্ধ কৰি নাইট্ৰাছ অক্সাইডৰ উৎপাদন হ্রাস কৰিব লাগিব। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰৰ প্ৰতি জনগণক সচেতন কৰিব লাগিব। মুঠতে সকলোৱে বুজি পাব লাগিব বা হৃদয়ংগম কৰিব যে এই সমস্যাটো পৃথিৱীৰ এখন দুখন দেশৰ নহয় । সমগ্ৰ বিশ্বৰ । সেয়ে পৃথিৱী খনক গোলকীয় উষ্ণতাৰ প্ৰকোপৰ পৰা উদ্ধাৰ কৰাৰ স্বাৰ্থত সমগ্ৰ বিশ্ববাসীয়ে উমৈহতীয়া ভাৱে কাম কৰিব লাগিব । ইতিমধ্যে বহু সময় পাৰ হৈ গৈছে । এতিয়া হাতত সময় বৰ কম ।