ডিজিটেল সেৱা,কলিয়াবৰ: কেন্দ্ৰীয় চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি নগাঁও জিলাতো যোৱা ২৯ জুনৰ পৰা অহা ৬ জুলাই ২০২৬ লৈকে আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস সপ্তাহজোৰাকৈ উদযাপনৰ কৰা হৈছে। এই উপলক্ষে আজি সমবায় বিভাগ আৰু কলিয়াবৰ সম-জিলাৰ সমবায় সমিতি সমূহৰ সহযোগিতাত দ্বাৰবাগৰী সমবায় সমিতিৰ জখলাবন্ধাৰ বাঘজানত থকা শাখা কাৰ্যালয়ত এক বিশেষ কাৰ্যসূচী ৰূপায়িত হয়। সমবায় ক্ষেত্ৰখনত আধুনিকতাৰ সূচনা কৰাৰ লক্ষ্যৰে এইবাৰ “কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তি দিৱস” আলোচ্য বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত অনুষ্ঠানটিত ৰাজ্যৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা ইত্যাদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত উপস্থিত থাকে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে সমবায় খণ্ডৰ উত্তৰণত আধুনিক প্ৰযুক্তি তথা কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, দেশৰ অৰ্থনীতিত সমবায় সমিতি সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

এই ভূমিকা অধিক শক্তিশালী কৰাৰ স্বাৰ্থত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আজি সময়ৰ দাবী।সেই একেই অনুষ্ঠানতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণত জিলাখনৰ সমবায় সমিতি সসমূহক আধুনিক তথ্য-প্ৰযুক্তিৰে সুসজ্জিত কৰাৰ লগতে তৃণমূল পৰ্যায়ত স্বচ্ছতা আৰু ক্ষীপ্ৰতা আনিবলৈ ডিজিটেল ব্যৱস্থাৰ প্ৰয়োগ অপৰিহাৰ্য বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে খেতিপথাৰত কিদৰে ড্ৰোন প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰি তাক প্ৰদৰ্শন কৰা হয়৷ অনুষ্ঠানত কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা, জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা, নগাঁও জিলা সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক প্ৰবীণ বৰা আৰু উপ-পঞ্জীয়ক মৰমী ভকত প্ৰমুখ্যে সমবায় সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।