হোজাইত চোৰং কাঠ ব‍্যৱসায়ী বদৰুলৰ সাম্ৰাজ‍্যত বন বিভাগৰ অভিযান

জমিৰউদ্দিন তালুকদাৰ

চোৰাং কাঠ ব্যৱসায়ী আৰু কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত আছে৷ হোজাই জিলাৰ কুখ্যাত চোৰাং কাঠৰ ব‍্যৱসায়ী বদৰুল ইছলামৰ অবৈধ কাঠ ফলা মিল জব্দ কৰিছে বন বিভাগে। লগতে বুজন পৰিমাণৰ মূল্যবান চেগুন কাঠ সহ অন‍্যান‍্য কাঠো জব্দ কৰা হৈছে। উল্লেখ‍্য বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কঠোৰ সকীয়নিৰ পিছতে হোজাই জিলাত এটাৰ পিছত এটাকৈ চোৰাং কাঠৰ ব‍্যৱসায়ীৰ বিৰুদ্ধে চলিছে বন বিভাগৰ অভিযান।যোৱা ২৪ ঘন্টাত মোৰাঝাৰৰ চামৰালি আৰু ডবকা ৫ নং ৱাৰ্ডত চলিছে বন বিভাগৰ দুটাকৈ বৃহৎ অভিযান।উল্লেখযোগ্য যে যোৱা মাত্ৰ ৬ মাহতে এইগৰাকী বনদস্যু বদৰুল ইছলামৰ তিনিটাকৈ অবৈধ কাঠ ফলা মিল জব্দ কৰিছিল বন বিভাগে।

ইয়াৰ উপৰিও বিগত সময়ত দুখনকৈ অবৈধ কাঠ ভৰ্তি বাহনো জব্দ কৰিবলৈ সক্ষম হৈছিল বন বিভাগ। হোজাইৰ ডিএফঅ’ নয়নজ‍্যোতি ৰাজবংশীৰ তৎপৰতাত ডবকাৰ বিভিন্ন প্ৰান্তত চোৰাং কাঠৰ ব‍্যৱসায়ীৰ বিৰুদ্ধে চলিছে এটাৰ পিছত আন এটা অভিযান।অভিযোগ মতে প্ৰতি মাহে শ শ ট্ৰাক চোৰাং কাঠ সৰবৰাহ কৰে বদৰুল ইছলামে। হোজাই-কাৰ্বি আংলং সীমান্তৱৰ্তী চামৰালি অঞ্চলত বদৰুলৰ আছে বৃহৎ চোৰাং কাঠৰ সাম্ৰাজ‍্য। ইফালে বনমন্ত্ৰীৰ কঠোৰ স্থিতিৰ বাবেই সম্পূৰ্ণ এক্সন মুডত অভিযান চলা দেখা গৈছে।

আজি দ্বিতীয়টো অভিযানত ডবকা আঞ্চলিক বন বিষয়া দীপক মহন্তৰ নেতৃত্বত ডবকাৰ ৫ নং ৱাৰ্ডত অভিযান চলাই বৃহৎ পৰিমানৰ বনৰীয়া গছৰ কুন্দা জব্দ কৰিবলৈ সক্ষম হয়৷ ডবকা বনাঞ্চলৰ পৰা মুজিবুৰ ৰহমান নামৰ কাঠৰ চোৰাং ব‍্যৱসায়ীজনে দীৰ্ঘদিনৰে পৰা গছ কাটি ৰমৰমীয়া ব্যৱসায় চলাই যোৱাৰ অভিযোগ আছে৷ আজি এক গোপন খবৰৰ ভিত্তিত বন বিভাগৰ লোকে অভিযান চলাই বৃহৎ পৰিমানৰ কুন্দা সহ AS 31 C 0744 নম্বৰৰ এখন টাটা মেজিক বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দকৃত কুন্দাসমূহৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে। বৰ্তমান জব্দকৃত বাহনসহ কুন্দাসমূহ ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত ৰাখি তদন্ত অব্যাহত ৰখিছে বন বিভাগে।

Related Articles