নগাঁও জিলাৰ হালোৱা গাৱঁত নিষিদ্ধ হ’ল গাহৰিৰ মাংস বিক্ৰী,সৰবৰাহ

ডিজিটেল সেৱা: নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত হালোৱাগাওঁত পোহনীয়া গাহৰিৰ শৰীৰত বিপজ্জনক আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰিছে। সেয়ে জিলা প্ৰশাসনৰ তৰফৰ পৰা সুৰক্ষা মূলক ব্যৱস্থা হিচাপে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাৰ অধীনত বৰহমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হালোৱা গাওঁৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰি বা গাহৰিৰ মাংস বা ইয়াৰ পৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি জাৰি কৰা এই নিৰ্দেশ অনুসৰি হালোৱাগাওঁৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলটোক সংক্ৰমিত অঞ্চল আৰু ১০ কিলোমিটাৰ ব্যাসাৰ্ধক নিৰীক্ষণ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। এই নিৰীক্ষণ অঞ্চললৈ বা ইয়াৰ পৰা জীৱন্ত গাহৰিও আন ঠাইলৈ সৰবৰাহ কৰিব নোৱাৰিব বুলি নিৰ্দেশটোত স্পষ্ট কৰি দিয়া হৈছে। গাহৰি পালকসকলক পশুপালন বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈ কোৱা হৈছে। তদুপৰি অঞ্চলটোত কোনো গাহৰিৰ মৃত্যু হ’লে তাৎক্ষণিকভাৱে ওচৰৰ পশুপালন বিভাগৰ লোকক অবগত কৰিবলৈ আহ্বান জনোৱা হৈছে। এই নিৰ্দেশ উলংঘা কৰিলে আইন অনুসৰি দণ্ডনীয় হ’ব বুলি নিৰ্দেশটোত সকীয়াই দিয়া হৈছে।

Related Articles