ডিজিটেল সেৱা, ৰহা : নগাঁও জিলা তথা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনক অধিক আকৰ্ষণীয় ৰূপত গঢ়ি তোলাৰ লগতে তিৱা জনগোষ্ঠীৰ ঐতিহাসিক বীৰ জোঙাল বলহুৰ অমৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে ৰহাত চলি থকা ‘জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ’ নিৰ্মাণ কাৰ্যৰ আজি ৰাজ্যৰ নতুন পৰ্যটন মন্ত্ৰী অজন্তা নেওগে পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্ৰায় ৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কাৰ্য চলি থকা এই ঐতিহাসিক তথা পৰ্যটনস্থলীখন পৰিদৰ্শন কৰি ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে চলি থকা সামগ্ৰিক আন্তঃগাঁথনি উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বিশদ বুজ লয়। তেওঁ কাম-কাজৰ শেহতীয়া অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে যদিও বাকী থকা কামবোৰ অনতি পলমে সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট প্ৰতিষ্ঠানক নিৰ্দেশ দিয়ে। জোঙাল বলহু ক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে এক অন্যতম শ্ৰেষ্ঠ আৰু আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ ইয়াত কেনেধৰণৰ পৰম্পৰাগত, সাংস্কৃতিক তথা জনগোষ্ঠীয় বিষয়বস্তু সংযোজন কৰিব পৰা যায়, সেই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে থলীতে বিভিন্ন পক্ষৰ সৈতে আলোচনা কৰে। নিৰ্মীয়মাণ প্ৰতিটো প্ৰকল্পৰ গুণগত মান অক্ষুণ্ণ ৰাখি কামসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সুচাৰুৰূপে সম্পন্ন কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিভাগীয় অভিযন্তাসকলক নিৰ্দেশনা দিয়ে। এই পৰিদৰ্শন কালত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰহা সমজিলাৰ আয়ুক্ত ড৹ অংকিতা বৰা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, পৰ্যটন বিভাগৰ মহা প্ৰৱন্ধক ভাস্কৰ জ্যোতি বৰুৱাৰ লগতে সংশ্লিষ্ট বিভিন্ন বিভাগৰ বিষয়াবৰ্গ আৰু তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি উপস্থিত থাকে।
ৰহাৰ জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ