লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাক লৈ তৎপৰ নগাঁও জিলা প্ৰশাসন

ডিজিটেল সেৱা, নগাঁও: অহা ৫ জুলাই দেওবাৰে ৰাজ্যৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’ব লগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (প্ৰাৰম্ভিক), ২০২৫ৰ প্ৰস্তুতি সন্দৰ্ভত আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) গোপাল শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰৰ উপৰিও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া আৰু পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া সংশ্লিষ্ট বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পঞ্জীয়ক-অধ্যক্ষসকল উপস্থিত থাকে।

উল্লেখ্য যে, এই গুৰুত্বপূৰ্ণ পৰীক্ষাটো নগাঁও বিশ্ববিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় আৰু নগাঁও ছোৱালী কলেজত অনুষ্ঠিত হ’ব। এইবাৰ জিলাখনৰ এই নিৰ্ধাৰিত কেন্দ্ৰসমূহত সৰ্বমুঠ ১৮৭৬ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব। আজিৰ এই বৈঠকত জিলা আয়ুক্ত‌ই পৰীক্ষাৰ বিভিন্ন প্ৰস্তুতিৰ বুজ লৈ পৰীক্ষাটো সম্পূৰ্ণ স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত কৰাৰ সন্দৰ্ভত উপস্থিত বিষয়া, কৰ্মচাৰী আৰু অধ্যক্ষসকলৰ সৈতে বিতংভাৱে আলোচনা কৰে আৰু যাৱতীয় নীতি-নিৰ্দেশনা প্ৰদান কৰে। ইফালে, পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ স্বাৰ্থত পৰীক্ষাৰ দিনা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত দুয়োদিশে পৰীক্ষাৰ্থীসকলৰ বাহিৰে অন্য লোকৰ প্ৰৱেশ তথা সকলো ধৰণৰ যান-বাহন পাৰ্কিং, চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাৰ অধীনত আজি জিলা আয়ুক্তৰ দ্বাৰা স্বাক্ষৰিত এটা নিৰ্দেশত এই কথা স্পষ্ট কৰি দিয়া হয়। এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ তৰফৰ পৰা সমূহ জিলাবাসীৰ লগতে পৰীক্ষাৰ্থীসকলৰ অভিভাৱক তথা আত্মীয়-স্বজনক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে। বৈঠকৰ পিছতে জিলা আয়ুক্ত গৰাকীয়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে যুটীয়াভাৱে জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি নিৰাপত্তা তথা সামগ্ৰিক ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰে।

পৰিদৰ্শনকালত জিলাৰ শীৰ্ষ বিষয়াদ্বয়ে নগাঁও বিশ্ববিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় আৰু নগাঁও ছোৱালী কলেজত উপস্থিত হৈ পৰীক্ষাৰ্থীসকলৰ বাবে যাৱতীয় সুবিধাৰাজিৰ তন্ন তন্নকৈ নিৰীক্ষণ কৰে। তেওঁলোকে পৰীক্ষা কক্ষসমূহৰ পৰিৱেশ, কেন্দ্ৰৰ নিয়ন্ত্ৰণ কক্ষৰ কাৰ্যক্ষমতা আৰু প্ৰশ্নকাকতৰ সুৰক্ষা সন্দৰ্ভত কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰসমূহত যিকোনো ধৰণৰ ত্ৰুটিমুক্ত পৰিৱেশ নিশ্চিত কৰিবলৈ যাবতীয় নিৰ্দেশনা আৰু পৰামৰ্শ দিয়ে। এই বিশেষ পৰিদৰ্শন কালত অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰো উপস্থিত থাকে। পৰীক্ষাৰ বাবে জিলা প্ৰশাসনে ৰাইজৰ সুবিধাৰ্থে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰি এই সম্পৰ্কত কিবা তথ্য থাকিলে জনাবলৈ আহ্বান জনাইছে।

Related Articles