লুৰীণজ্যোতিৰ প্ৰতি অনাস্থা প্ৰকাশেৰে দলত্যাগ অজাপৰ হোজাই জিলা সমিতি

জমিৰউদ্দিন তালুকদাৰ◆

দলীয় বিশৃংখলতাই কোঙা কৰি পেলাইছে অসম জাতীয় পৰিষদ দলক। লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন দলটোৰ স্বয়ং সভাপতিগৰাকীৰ বিৰুদ্ধে সংবিধান বিৰোধী কাৰ্যকলাপ আৰু দলত লবীকেন্দ্ৰিক ৰাজনীতি কৰাৰ অভিযোগত দলটোৰ হোজাই জিলা সমিতিয়ে সমূহীয়াকৈ পদত্যাগ কৰিছে। উল্লেখ্য যে দলৰ নিৰ্বাচনী বিপৰ্যয় সন্দৰ্ভত আলোচনা কৰিবৰ বাবে দলটোৰ হোজাই জিলা সমিতিয়ে যোৱা ১৭ জুনত নীলবাগানত জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা বৈঠক অনুষ্ঠিত কৰিছিল। উক্ত বৈঠকত তেওঁলোকে কেন্দ্ৰীয় সমিতিৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু জিলাৰ কেন্দ্ৰীয় তত্বাৱধায়ক ৰাজু ফুকনসহ কেন্দ্ৰীয় নেতৃবৰ্গক নিমন্ত্ৰণ জনাইছিল। কিন্তু জিলা সমিতিয়ে আয়োজন কৰা উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ কোনো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা নাছিল। ইয়াৰ পৰাই মুকলি সংঘাতৰ সূত্ৰপাত হয়। দৰাচলতে হৈ যোৱা বিধানসভা নিৰ্বাচনত বিন্নাকান্দি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ৰেজাউল কৰিম চৌধুৰী জিলা সমিতিৰ সদস্য নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁক উক্ত সভালৈ মতা হোৱা নাছিল। যাৰ বাবেই লুৰীণজ‍্যোতি গগৈ উক্ত সভালৈ নহাৰ অভিযোগ। মূলত: তাৰ বাবেই অসন্তুষ্ট হৈ চৌধুৰীয়ে ২ জুলাইত ডবকাৰ এজেচি মেমৰিয়েল হলত বিন্নাকান্দি সমষ্টিৰ বুথ কমিটিৰ এখন সভাৰ আয়োজন কৰে। কিন্তু উক্ত সভাত তেওঁ জিলা সমিতিৰ কোনো বিষয়ববীয়াক নিমন্ত্ৰণো দিয়া নাই বা জিলা সমিতিৰ লগত আলোচনাও কৰা নাই। লক্ষ্যণীয় যে ডবকাত আয়োজিত উক্ত বুথ কমিটিৰ সভাত আকৌ দলৰ কেন্দ্ৰীয় সভাপতি লুৰীণজ্যোতি গগৈ উপস্থিত হয় আৰু সমবেত দলীয় কৰ্মীবৃন্দক সম্বোধন কৰে। জিলা সমিতিৰ বিষয়ববীয়াসকলে অভিযোগ কৰা মতে, কেন্দ্ৰীয় সভাপতি গৰাকীয়ে জিলা সমিতিক তেওঁৰ সভাখনলৈ যোৱাৰ বিষয়ে অৱগতও কৰা নাছিল। তাতে অসন্তুষ্ট তথা অপমানিত হৈ জিলা সমিতিৰ সভাপতি লুতফুৰ ৰহমানৰ নেতৃত্বত সমগ্ৰ জিলা সমিতিখনে পদত্যাগ কৰে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈলৈ প্ৰেৰণ কৰা সমূহীয়া পদত্যাগ পত্ৰখনত জিলা সভাপতি লুতফুৰ ৰহমান আৰু সাধাৰণ সম্পাদক মিনহাজ আহমেদে দলীয় সভাপতিয়ে দলৰ সংবিধান আৰু পৰম্পৰাৰ পৰিপন্থী কাৰ্য সংঘটিত কৰাৰ অভিযোগ তুলি কয় যে স্বয়ং দলৰ সভাপতিগৰাকীয়ে এনে ধৰণৰ পক্ষপাতিত্বমূলক কাৰ্যকৰাটো অপ্ৰত্যাশিত আৰু দুৰ্ভাগ্যজনক। কিন্তু আচৰিতভাবে ৰেজাউলৰ পক্ষত অৱস্থান কৰা লুৰীণে পদত‍্যাগ পত্ৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰি অতি ৰহস‍্যজনক স্থিতি গ্ৰহণ কৰা দেখা যায়। উল্লেখ্য যে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে বিগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰেজাউল কৰিম চৌধুৰীয়ে নিৰ্বাচনৰ প্ৰায় এমাহ পূৰ্বে দলটোত যোগদান কৰি দলীয় প্ৰাৰ্থীত্ব লাভ কৰিছিল। তেওঁৰ বাবে কংগ্ৰেছ দলেও মিত্ৰতাৰ ধৰ্ম অনুসৰি বিন্নাকান্দি আসনখন এৰি দিছিল। চৌধুৰীয়ে প্ৰাৰ্থিত্ব লাভৰ বিনিময়ত লুৰীণজ্যোতি গগৈৰ সৈতে পাঁচ কোটি টকাৰ লেনদেন হোৱা বুলি প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰেহান উদ্দিনে সেই সময়ত মুকলিকৈ অভিযোগ কৰিছিল। ৰেজাউল কৰিম চৌধুৰীয়ে ইতিপূৰ্বে কেইবাটাও দল বাগৰি আহি অসম জাতীয় পৰিষদ যোগদান কৰিছিল। সেইগৰাকী নেতাৰ সৈতে সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত লুৰীণজ্যোতি গগৈয়ে নিজ দলৰ জন্মলগ্নৰে পৰা জড়িত হৈ থকা সমগ্ৰ জিলা সমিতিখনকে অসন্তুষ্ট কৰি দলত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰি দিয়া বিষয়টো ৰাইজৰ মাজত বাৰুকৈয়ে চৰ্চিত হৈছে। এয়া দলৰ ভেটি থৰক-বৰক হোৱাৰ হোৱাৰ তথা লুৰীণজ্যোতি গগৈৰ নেতৃত্বৰ প্ৰতি প্ৰশ্নবোধকৰ সৃষ্টি কৰিব পৰা ঘটনা বুলিও চৰ্চিত হৈছে।

Related Articles