ডিজিটেল সেৱা,গেলেকী : শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰৰ অধীনৰ নামতি খনিকৰ ৰাজহ গাঁৱত এটা মাটি-বিবাদক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, এগৰাকী বিধৱা মহিলাৰ ভূমি একেটা পৰিয়ালৰে এজন ব্যক্তিয়ে জোৰ-জুলুমকৈ দখল কৰিবলৈ চেষ্টা চলোৱাক কেন্দ্ৰ কৰিয়েই এই উত্তেজনাই গা কৰি উঠিছে।প্ৰাপ্ত তথ্য মতে, বিবাদমান ভূমিখিনিৰ সম্পূৰ্ণ মীমাংসা নোহোৱা পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই তাত কোনো ধৰণৰ খেতি-বাতি নকৰিবলৈ দুয়োপক্ষকে বাধা আৰোপ কৰিছিল। কিন্তু সেই চৰকাৰী নিৰ্দেশ আৰু বাধাক সম্পূৰ্ণৰূপে অংগুষ্ঠ প্ৰদৰ্শন কৰি অভিযুক্ত ব্যক্তিগৰাকীয়ে উক্ত মাটিখিনিত জোৰকৈ হাল-কোৰ মাৰি খেতিৰ প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰে বুলি বিধৱা মহিলাগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মহিলা গৰাকীয়ে কয় যে ”উপায়হীন হৈ মই পথাৰত খুঁটি পুতি বেনাৰ লগাই প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। অৱশ্যে এই ফলক লগোৱাৰ পূৰ্বেই মই স্থানীয় আৰক্ষী থানাক সমগ্ৰ বিষয়টো লিখিতভাৱে অৱগত কৰিছিলোঁ।”উল্লেখ্য যে, ভুক্তভোগী মহিলাগৰাকীৰ প্ৰয়াত স্বামী জয়ন্ত কুমাৰ চুতীয়া নামতি অঞ্চলৰ এগৰাকী জেষ্ঠ সাংবাদিক আছিল। জীৱনৰ নিৰাপত্তাহীনতাত ভোগা আৰু ভূমি হেৰুওৱাৰ শংকাত পৰা জেষ্ঠ সাংবাদিকগৰাকীৰ পত্নীয়ে অৱশেষত উচিত ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হয়।ইফালে, ঘটনাস্থলীত সংবাদমাধ্যমৰ দল উপস্থিত হোৱাৰ পিছতে অভিযুক্ত ব্যক্তিগৰাকীও তাত হাজিৰ হয় যদিও কেমেৰাৰ সন্মুখত কোনো ধৰণৰ মন্তব্য বা স্পষ্টীকৰণ নিদিয়াকৈ খৰখেদাকৈ ঘটনাস্থলীৰ পৰা আঁতৰি যায়। অভিযুক্তজনৰ এনে ৰহস্যজনক আচৰণে ঘটনাটোক অধিক সন্দেহজনক কৰি তুলিছে। এতিয়া এগৰাকী অসহায় বিধৱা মহিলাই এই সমগ্ৰ ভূমি-বিবাদৰ এক নিৰপেক্ষ আৰু সঠিক তদন্ত দাবী কৰি প্ৰশাসনৰ ওচৰত ন্যায়ৰ গোঁহাৰি জনাইছে। প্ৰশাসনে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।
ভূমি-বিবাদৰ ন্যায়ৰ দাবীত সংবাদ মাধ্যমৰ কাষ চাপিল সাংবাদিকৰ পত্নী