নগাঁও চহৰৰ উদ্যান সমূহত নগাঁও পৌৰসভাৰ প্ৰৱেশ মাছুল নিৰ্ধাৰণ

ডিজিটেল সেৱা: নগাঁও পৌৰসভাৰ দ্বাৰা মুকলি কৰা চহৰৰ উদ্যান সমূহত প্ৰৱেশৰ বাবে এতিয়াৰে নাগৰিকে মাছুল দিব লাগিব। পৌৰসভাৰ তৰফৰ পৰা শনিবাৰে প্ৰকাশিত এখন জাননীত কোৱা হৈছে যে, অহা ৩ মে’ ২০২৬ অৰ্থাৎ কাইলৈৰ পৰা জুবিন পাৰ্কত ১০ টকা আৰু শ্ৰদ্ধাঞ্জলি উদ্যানত ২০ টকা প্ৰৱেশ মাছুল ধাৰ্য কৰা হৈছে।

নিয়মিত দৰ্শনাৰ্থীৰ বাবে ৩০০ টকাৰ মাহিলী পাছ আৰু ২,২০০ টকাৰ বাৰ্ষিক পাছৰ সুবিধা থাকিব, যদিও ৫ বছৰৰ তলৰ শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰৱেশ বিনামূলীয়া হ’ব। উদ্যানৰ ভিতৰত সুৰা তথা ধঁপাত জাতীয় সামগ্ৰী আৰু প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণ ভাৱে নিষিদ্ধ কৰা হৈছে। এই নিয়ম উলংঘা কৰিলে ৫০০ টকাৰ পৰা ২,০০০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব। উদ্যানসমুহৰ উন্নয়ন আৰু পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ স্বাৰ্থতে এই মাছুল আৰোপ কৰিব লগীয়া হৈছে বুলি জাননীখনত কোৱা হৈছে। চহৰখন নিকা আৰু সুন্দৰ কৰি ৰাখিবলৈ নগাঁও পৌৰসভাই সকলোৰে সহযোগিতা কামনা কৰিছে।

Related Articles