ডিজিটেল সেৱা: নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা অহা ১৮ জুনলৈ অনুষ্ঠিত হৈছে নগাঁও জিলা আন্তঃস্কুল ক্ৰিকেট প্ৰতিযোগিতা ২০২৬। নগাঁও ক্ৰীড়া সংস্থাৰ খেলপথাৰ নুৰুল আমিন ষ্টেডিয়ামত উৎসাহ-উদ্দীপনাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। উদ্বোধনী ভাষণত জিলা আয়ুক্ত গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ উন্নয়নত ক্ৰীড়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে।

তেওঁ কয় যে, কেৱল পুথিগত শিক্ষাই নহয়, ক্ৰীড়াই যুৱ প্ৰজন্মৰ মাজত শাৰীৰিক শক্তি বৃদ্ধি কৰাৰ লগতে মানসিক দৃঢ়তা আৰু ক্ৰীড়া সুলভ মনোভাৱ গঢ়ি তোলে। খেলুৱৈসকলক জয়-পৰাজয় নেওচি কেৱল খেলৰ প্ৰতি থকা নিষ্ঠা বজাই ৰাখিবলৈ তেওঁ আহ্বান জনায়। এই প্ৰতিযোগিতাই উদীয়মান খেলুৱৈসকলক তেওঁলোকৰ দক্ষতা, শৃংখলাবদ্ধতা, দলগত কাম আৰু খেলৰ প্ৰতি থকা হেঁপাহ প্ৰদৰ্শন কৰাৰ বাবে এক সুন্দৰ মঞ্চ প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ক্ৰীড়া সন্থাৰ তৰফৰ পৰা জনোৱা মতে, এই প্ৰতিযোগিতাত জিলাখনৰ ১৬ খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে। উদ্ধোধনী অনুষ্ঠানত অসম হকী সন্থাৰ সভাপতি তপন কুমাৰ দাস প্ৰমুখ্যে ক্ৰীড়াৰ লগত জড়িত কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি, জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ অধ্যক্ষ, খেলুৱৈসকল আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।